মোৰ দেশ




হীৰেন ভট্টচাৰ্য্য



মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ |
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন | মোৰ জীৱনৰ আহেঁ আহেঁ
মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল |

দেশে-দেশে দেশ আছে | এনে বহু দেশৰ অৰঙে-দৰঙে
ম‍ই ঘূৰিছোঁ | বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ |
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ | বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ | তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা |

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ | যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য | জীৱনৰ নতুন অৰ্থ |
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস | প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ |

মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ | এই দেশৰ বাবে ম‍ই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ | ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ |
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ |
শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ | সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে
জিনিছোঁ | শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ - ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান |

আৰুতো মোৰ একো নাই !
মোৰ দেশ - মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন
পৰ্বত-মূললৈ ....  


মোৰ দেশ মোৰ দেশ Reviewed by কবিতা মেজ on March 11, 2019 Rating: 5

No comments:

Powered by Blogger.