নদী আৰু নাৰী | An Assamese Poem written by নাছিৰ আহমেদ

 নদী আৰু নাৰী | An Assamese Poem written by নাছিৰ আহমেদ




নদী আৰু নাৰী

দুয়ো নিৰৱধি, দুয়োৰে  প্ৰৱাহমান  গতি।

 নদী নাৰীৰ দৰেই দুয়োকুল স্নেহেৰে ওপচায়  ;

প্ৰেমাস্পদক আঁচল পাতি দিয়ে বুকুৰ স্নেহ- বন্ধন ।

নাৰী নদীৰ দৰেই উৰ্বৰ কৰি তোলে

 অনুৰ্বৰ পথাৰ,জলাশয় ভূমি, শুকান মৰুভূমি !

নদীৰ উৎপত্তি সু-উচ্চ পৰ্বতমালা,

নাৰীৰ জন্ম সু-উচ্চ মাতৃৰ গৰ্ভ-থলি।

নদী আৰু নাৰী

দুয়ো নিৰৱধি, দুয়োৰে প্ৰৱাহমান গতি।

নদী বৈ বৈ হেৰাই যায় সাগৰৰ  নীলিম জলৰাশিত ,

নাৰী বিলীন হয় মৃত্যু-উপত্যকাৰ পৰমাত্মাৰ বুকুত!

…………………………



নদী আৰু নাৰী | An Assamese Poem written by নাছিৰ আহমেদ নদী আৰু নাৰী | An Assamese Poem written by নাছিৰ আহমেদ Reviewed by কবিতা মেজ on January 01, 2022 Rating: 5

No comments:

Powered by Blogger.