তুমি মই তেওঁ
এখন অঘোষিত সংবিধান মানিয়ে
প্ৰত্যেকে এক নিজ নিজ ষ্টাইলত
নেদেখা ফাগুনৰ পিছত দৌৰো
ৰঙীন ৰঙীন আল্পনা আকোঁ
ভৱিষ্যৎ সপোন পুলি ৰোপণ কৰি
উচ্চ নীচৰ ভেদাভেদ নাৰাখো
কাৰণ সপোন দেখিবলৈ কাকো
ফিজ নিদিও
দুখীয়া-নিচলাইও সপোন দেখোঁ।
সাধ্যানুসৰি সাৰ পানী দিওঁ
সপোন পুলিত
সুখৰ ভাণ্ডাৰ বিচাৰো
সুখৰ ঠিকনা আকোঁ
দুখক জ্ঞাতসাৰে নেওচা দিওঁ
আগুৱাওঁ
জীৱন পথত
এখোজ দুখোজ কৈ।
সপোনৰ পিছে পিছে দৌৰি
ভৱিষ্যৎ খোজত ভাগৰি পৰোঁ
যৌৱনৰ নিমন্ত্ৰণত
সুন্দৰী পত্নী
সুদৰ্শণ স্বামীৰ
মিলন গঢ়ো
ইয়াতো ইতি নামাৰো
যাত্ৰাৰ সমাধি ।
একক পৰিয়ালৰ স্বাৰ্থত
লাহে লাহে সংসাৰ বাঢ়ে
সপোন ভাগে
মৰমবোৰো শুকাই
যৌৱনোদ্দীপ্ততা কমে
উজ্জ্বলতাও হেৰাই ।
অতৃপ্ত বাসনাৰ কামোৰত
কাৰোবাৰ কাৰোবাৰ জীৱনলৈ
গোপন অভিসাৰৰ যান-জুৰি ব'ই
আৰু আমন্ত্ৰিত হয় কলিৰ
মানসিক যন্ত্ৰণা বাঢ়ি যায়
মনোমালিন্যৰ পাহাৰ খহে
তৰপে তৰপে
গোপনে গোপনে
চিকমিক বিজুলী ৰঙেৰে।
ঘৰ সংসাৰ প্ৰতিপালনত
সন্তানৰ লালন-পালনত
বা পঢ়াশুনাত
ভৱিষ্যৎ কেৰিয়াৰ গঢ়াৰ স্বাৰ্থত
আমি বোৰ সৰ্বশ্ৰান্ত হওঁ
বেংকৰ ঋনৰ বোজা বাঢ়ি যায়
দৈনিক বজাৰ হেচাত
ক্ৰমশঃ বেকা হৈ পৰোঁ
কেতিয়াবা কেতিয়াবা নিজৰ
স্বাভিমান পাহৰি যাও ।
তথাপিও দৌৰো
সপোন সমাধি ৰছো
দেহাই আটে মানে চেষ্টা কৰোঁ
আক্ষেপ আৰু অভিজ্ঞতাৰে
নিজৰ সতে যুঁজো
পাৰো মানে নিজক নুকুৱাও
প্ৰতিনিয়ত ; প্ৰতিদিন
নিজৰ চিনাকি ঘাটত
এক ভাৰাক্ৰান্ত মন।
-----------------------------------------------

No comments: