মন যায় মালবিকা ,
তোমাৰ প্ৰেমত পৰিব
নিৰঅংকুশ ধেনুভেৰীয়া এযুৰি চকু
যাৰ ৰেটিনাত , মই কোনো দিনে
বন্দী নোহোৱা এটি চৰাই
নোকোৱাকৈ থাকিও ,
আকৌ কব মন যায়
শাওণী পূৰ্ণিমাৰ জোনত
তুমি দেখা কবিতাৰ সন্ধিয়া
এথোপা মেঘে বৰুষুণৰে তিয়াই তোলে।
![]() |
অসমীয়া কবিতা |
মই লিখি যোৱা
তোমাৰ দেহ মনৰ
অতীত মৰহা কথা
কবিতা নহয় বুলি ভাবিও লিখো
কিজানি
তোমাৰ শাৰদী মনত
বসন্তৰ উল্লাস, মোৰ শব্দই কঢ়িয়াই আনে
এখনি পাহাৰ আৰু এটি নিজৰা।
এই হৃদয়ে মিছা কব শিকা নাই ,
মালবিকা
সেই বাবেই যেন
শদিয়াৰ পৰা ধুবুৰীলৈ
প্ৰেমৰ সন্ধানত এযুৰি চকু
তোমাৰ ফাগুনী পছোৱাই
জুৰুলা কৰা সুবাসিত চুলিকোছাতেই বন্দী হ'ল
মই নেদেখাকৈ
দেখিছো
হেমন্তৰ হিম চেচা এটি ৰাতিপুৱা
তোমাৰ চুলিৰে ছিটিকি যোৱা
এটোপাল পানীত
হঠাতে যেন ৰৈ গ'ল
পূবাকাশৰ লাজুকুৰীয়া সুৰুয
এটি ৰূপালী হাঁহিৰে
কুহুমীয়া ৰাতিপুৱাৰ তোমালৈ প্ৰস্তাৱ
ভাল পাই চোৱা এবাৰ
যাৰ ফেচবুকত তোমাৰেই মাথোঁ সন্ধান।
তোমাৰ অভিমানৰ ৰাগ অনুৰাগত
মোৰ দুচকুৰ জ্যোতিয়ে
শেষ হৈ যাব খোজে
নিথৰ হৈ পৰে দুয়োহাত
থমকি ৰৈ যাও,
সমুখত ৰেইল ক্ৰচিং
আৰু আছে
যান যটৰে জনতাৰ ভিৰ
আৰু কেতিয়াবা
বাইকৰ লগে লগে গৈ থাকে ব'হাগ
তোমাৰ বাবে নহ'লেও ,
মই
যেন প্ৰায়ে ভাবো
তুমি ভালপোৱা
সেই বলীয়া নৈখন যেন মই।
উভতি যাও ৰাতিপুৱা,
হয়তো তোমাৰ আখলত
আবেলীৰ হালধীয়া ৰ'দত
চুই চাও তুমি ভালপোৱা আখলত
মোৰ ভালপোৱা খিনি ক'ত
সন্ধিয়াৰ নিৰ্জনতাত সেয়েহে
বাৰে বাৰে চাও
নিশাৰ আকাশে নিব নোৱৰা
মৰমৰ প্ৰলাপ
তোমাৰ বুকুতেইচোন
মোৰ বাবে আছে ।
সচাকৈ মন যায় মালবিকা
তোমাৰ প্ৰেমত পৰিব।

No comments: