হীৰুদাৰ ১০টা ভাল লগা কবিতা । খণ্ড ১ । www.axomiyakobita.in

 হীৰেন ভট্টাচাৰ্য


হীৰুদাৰ কবিতা সংগ্ৰহ


হীৰেন ভট্টাচাৰ্য

জন্ম ১৯৩২ চন

যোৰহাট, অসম

মৃত্যু ৪ জুলাই, ২০১২

উল্লেখযোগ্য বঁটাসমূহঃ-  ১/সাহিত্য অকাডেমি বঁটা (১৯৯২)

                                   ২/অসম উপত্যকা সাহিত্য বঁটা (২০০০)

হীৰেন ভট্টাচাৰ্য (ইংৰাজী: Hiren Bhattacharyya; ২৮ জুলাই, ১৯৩২ - ৪ জুলাই, ২০১২) অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি। তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ''হীৰুদা'। তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰদালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে। হীৰুদাৰ বিষয়ে প্ৰসিদ্ধ সমালোচক হীৰেন গোহাঁইয়ে কৈছে যে, "তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অননুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্থিতধী কাৰুণ্যত। কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সি সৃষ্টিৰ, আশাৰ, আস্থাৰ আকাশ দেখুৱাই থাকিব।

(অসমীয়া উইকিপিডিয়াৰ পৰা)

হীৰুদাৰ ভাল লগা ১০টা কবিতাৰ সংগ্ৰহ



জ্যোতি, সেই জ্যোতি
[স্বৰ্গীয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণীত]


মোক এই সংকীৰ্ণতাৰ পৰা
তুলি ধৰা | 
তোমাৰ সতে গাবলৈ দিয়া
ধুমুহাৰ গান, বজ্ৰৰ গান |

মৃত্যুৰ এই হিম-শীতল হাতেৰে
ঢাকি থোৱা হৃদয়ক
এচমকা আকাশৰ আশ্বাস দিয়া |

ঘৃণা আৰু অবিশ্বাসে ঘেৰি ধৰা
সংকীৰ্ণ জীৱনলৈ আহকঃ
সাহসৰ দোকোল-টঁকা বান |

চেতনা থৰথৰ অন্ধকাৰ প্ৰহৰ ভাঙি
তোমাৰ গানেৰে কৰোঁ জ্যোতিস্নান !


শ্বহীদ



যাৰ
তেজত তিৰবিৰাইছিল
তৰালি,
বুকুত গুণগুণাইছিল
মৌমাখি –
সি নিজানে নিতালে
শুই আছে |
শিতানত তাৰ
তেজ ধোৱা মাটি
স্তবক

“এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল|”

এইবুলি কৈ মোৰ কোলাত
আহি পৰিল
তেজৰঙা বুলবুলি এহাল !
কাঁইটীয়া গোলাপৰ ডাল
বতাহত দোঁ খাই আহি
ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল |

এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল....

বাঁহীৰ মাত


এন্ধাৰেৰে যাওঁতে যাওঁতে
পোহৰৰ শংখ নিনাদ
শুনিলো অকস্মাত্‍ |
বজ্ৰৰ বাবে থোৱা মোৰ হাড়ত
অনুভৱ কৰিলো বাঁহীৰ মাত |
বাঁহীটো তেজত, হাড়ৰ মাজত
লুকাই আছিল অতকাল |
তাত থূপাই থৈছিলো
সময়ৰ কিছুমান শুকান পাত |
পাতবোৰ আঁতৰাই দিলে কোনে ?
কাৰ বাৰু সিখনি স্নিগ্ধ হাত |









মোৰ এই শব্দবোৰ

স্বপ্নৰ উদ্যান ছুই অহা 
   মোৰ এই শব্দবোৰত জীৱনধাৰাৰ সুষমা,

সময়ৰ ঘনিষ্ঠ উত্তাপ, 
মোৰ কোনো নিজস্ব আবিস্কাৰ নাই,

মোৰ ভিতৰত এটা যেন খেতিয়ক, 
মই শব্দবোৰ জিভাত দি চাওঁ,

কাৰ কি সোৱাদ, 
হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত,

মই জানো 
শব্দ মানুহৰ মহত্‍ সৃষ্টিৰ তেজঃদীপ্ত সন্তান,

মই সাধাৰণ কবি,
কান্ধ সলনি কৰি 
বৈ অনা মোৰ এই শব্দবোৰত
মানুহৰ নিদাৰুণ অভিজ্ঞতা, 

বুৰঞ্জীৰ নিঠুৰ আচোঁৰ |


মোৰ আৰু পৃথিৱীৰ


কাৰ কাৰণে কবিতা, 
সূৰ্যৰ শুদ্ধতা ? 

সমুখৰ বাট জলকতবক ,

বাওঁহাতৰ টিপত মৰে কুশীলব, 
জননীৰ বুকুত কাল যমুনা |

কাৰ কাৰণে কবিতা, 
সূৰ্যৰ তেজস্বিতা ? 
ছহীদৰ হাড়
শিয়াল-কুকুৰৰ ভোজ, 
স্বাধীনতাৰ বিপন্ন মুখ !
কাৰ কাৰণে কবিতা, 
তাপস কবিৰ তেজৰ শলিতা ?


ম‍ই এক বিপুলাতয়ন নাটকৰ 
গৰ্ভাংকৰ গভীৰ নাটকীয় মুহূৰ্তত,

মোৰ অসহায় চকুৰ আগত 
বিশাল শব্দকল্পদ্ৰুম,

উদগ্ৰ জীৱন শক্তিত 
স্ফীত শাখা-প্ৰশাখাত
উৎসাৱন্ত ধুমুহাৰ কোলাহল;

মুক্ত, উদ্ধত আৰু সুস্পষ্ট 
বিবেকী বজ্ৰৰ নিৰ্ঘোষ |

মোৰ অনুভূতিৰ 
বিপদজনক দুৱাৰ দুফাল কৰি খোলা |

যকৃতৰ সুখ-শ্ৰুত সুস্থতাই জানো সকলো ?
তোমাৰ লগত মোৰ বিস্তৰ মতভেদ |

বৰং যদিও দুষ্প্ৰাপ্য, 
তেজৰ স্বাভাৱিক ৰং মোৰ প্ৰিয় |

ম‍ই এনেধৰণৰ সৰ্বাত্মক সংকটৰ মুখামুখি
যাৰ এফালে নিৰ্বিষ বাস্তৱ, 
আনফালে অসম্ভৱ ভৱিষ্যত্‍ |

নিমিষতে ভাঙি পৰে 
মোৰ বুকুৰ ভিতৰৰ ঘৰ-দুৱাৰ | 
তোমাক বুকুত থৈ কৰা 
আশ্চৰ্য নিৰ্মাণ | 

ভয়ংকৰ ভাঙনৰ মুখত
স্থিত দীৰ্ঘ পৰিশ্ৰমে গঢ়া 
সুশোভিত উদ্যান |

পাৰ হৈ আহোঁ 
পিছল শিলৰ সাঁকো,
ভৱিষ্যতৰ গন্ধবহ সপ্ৰতিভ বৰ্তমান |

হাড়ে হাড়ে, বুকুৰ ভিতৰে ভিতৰে 
ভাঙে ঘৰ-দুৱাৰ,

কলিজাত কতকাল পৰি থকা 
স্মৃতিময় গোলাপলতাৰ
তিমিৰ প্ৰোথিত শিপা ছিন্ন-বিচ্ছিন্ন |

শ্বাসৰোধী অভ্যন্তৰত 
পিপাসাৰ মুমূৰ্ষ প্ৰাৰ্থনাঃ

মোৰ প্ৰকৃতি, মোৰ প্ৰিয়, 
তুলি লোৱা মোৰ অপাপ হৃদয়
ধ্বংসস্তুপৰ পৰা |

তেজৰ অনুগত মোৰ এই 
অভীষ্ট শব্দবোৰৰ নিঃসংগতা
লগৰীয়াৰ চকুত ধুলি দি 
বালিঘৰ সাজি একান্তমনে
উমলি থকা ল’ৰাটোৰ দৰে 
এক অদ্ভুত আনন্দবোধত মুগ্ধ |

প্ৰতিটো শব্দৰ শৰীৰে শৰীৰে 
বিয়পি আছে মোৰ
আইৰ চাদৰৰ মোলান আচঁলত 
লাগি থকা কিংবদন্তিৰ কৰুণতা |


এনেকৈয়ে আছোঁ: 
দুখ মোৰ কোলাৰ কেঁচুৱা, 
বাৰে বাৰে দুহাতেৰে দাঙি ল’ব লাগে | 

জিভাত দুখৰ ঘৰৰ লোণ,
ওকালিত ওলাই আহে ভাতৰ নিসনি | 
খং মোৰ সহজতে নুঠে |

দায়িত্বশীল পিতাৰ দৰে 
ম‍ই জানো
খং কেনেকৈ সামৰি থ’ব লাগে;

ক্ষমায়েই বা কাক বোলে | 
প্ৰচুৰ দায়িত্ব মোৰ |
দুখবোৰ তুলি-তালি 
মানুহ কৰাৰ গধুৰ দায়িত্ব,

একান্ততাত জুৰুলি-জুপুৰি নৰীয়া দেহা,
কিবা এটা ক’ব খুজিলেই 
আলজিভাৰ পৰা ছিটিকি পৰে
অজানিত তেজ মুখৰ ভিতৰে-বাহিৰে |


মোৰ অস্ত্ৰৰ শানিত 
মুখত সুগন্ধ সময়ৰ সেতুময়তা !

মোৰ স্নায়ুৰ বিচিত্ৰ বীনাৰ 
সহস্ৰ তাঁৰ কৃতজ্ঞতাবোধত গধুৰ,

বুকুৰ ভিতৰত অজৰ-অমৰ পৃথিৱী, 
যাৰ কাষত বহিলে
উজ্জ্বল হৈ উঠে মোৰ নৰীয়া দেহ | 

ভ্ৰমণ-বিলাসী মনৰ শেষ হয় সকলো আয়োজন, 
ভৰি ছুই গুছি যায় আবেলিৰ ৰ’দ,

ম‍ই মাথোঁ বহি থাকোঁ 
লিৰিকি-বিদাৰি গুৰুভাৰ শিকলি |

.... আঙুলি কামুৰি পালো ঘোলা তেজ, 
চেঁচা বিদ্ৰোহ,
চূড়ান্ত কিবা কৰাৰ মোৰ খুব লোভ, 
অথচ মোৰ
সেই স্পৰ্ধা নাই অথবা, 
বিৰল প্ৰাজ্ঞতা !

কমৰেড্‍, বুকুখন বিষাইছে, 
বন্দুকটো উম দি বুকুতে থাকক,

আঁতৰাই নিনিবা; 
লাগিলে তৰ্জনী আঙুলিটো মোৰ
ট্ৰিগ্ৰাৰতে থোৱা, 
বন্দুকৰ নলেৰে জ্বলক অবিৰাম বিজুলী |

ৰাতিটো পাৰ হৈ গ’লে 
আমাৰ আৰু ভয় কি ?
নলে-গলে লগালগি পামগৈ 
ফৰকাল বেলতলাৰ পথাৰ |

 তেজৰ আখৰেৰে

“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে ?”

শিলুৱা এন্ধাৰে মোক 
এই বুলি ক’লে |

কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে 
মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে |

কবি মই নাছিলো কোনোকালে |

ৰৌদ্ৰ-কামনা

উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইচ-সোনালী হাঁহি |
অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য আহিছে নামি ! 


মোৰ দেশ

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ |
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন | মোৰ জীৱনৰ আহেঁ আহেঁ
মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল |

দেশে-দেশে দেশ আছে | এনে বহু দেশৰ অৰঙে-দৰঙে
ম‍ই ঘূৰিছোঁ | বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ |
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ | বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ | তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা |

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ | যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য | জীৱনৰ নতুন অৰ্থ |
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস | প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ |

মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ | এই দেশৰ বাবে ম‍ই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ | ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ |
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ |
শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ | সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে
জিনিছোঁ | শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ - ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান |

আৰুতো মোৰ একো নাই!
মোৰ দেশ - মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন
পৰ্বত-মূললৈ ....


নাগৰিক


নিৰুত্তাপ এই জীৱন, 
নিৰ্লজ্জ আশাত অন্ধ |
ভগ্ন-হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন |
 
তথাপি,
সময়-শানিত তৰোৱালৰ চিকমিকনিত
এতিয়াও জ্বলিছে এখন পৃথিৱী
দিশহাৰা হৃদয়ৰ আশ্ৰয় |

কলঘৰৰ ক’লা ধোঁৱাই
এদিন আকাশত বিজুলী জ্বলাব,
ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই
জীৱনৰ বাটে বাটে ফুল ফুলাব,
ব্যধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মূৰ তুলি চাব, আকাশ ইমান বহল !

দ-কৈ উশাহ লৈ ক’ব, বতাহ ইমান কোমল !!

পোহৰৰ এই স্বৰ্ণ-স্পৰ্শে উজ্জ্বল কৰিলে
মোৰ অন্ধকাৰ হৃদয় | 

উদ্দাম কৰিলে, নিস্তেজ মন
যি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ বিস্ময় |


আপোনালোকে নিশ্চয় হীৰুদাৰ কবিতাসমূহ পঢ়ি ভাল পায়... গতিকে হীৰুদাৰ কবিতাসমূহৰ ভিতৰত এই ১০টা কবিতা সংগ্ৰহ কৰি আপোনালোকৰ বাবে আগবঢ়ালোঁ। 

ধন্যবাদ

হীৰুদাৰ ১০টা ভাল লগা কবিতা । খণ্ড ১ । www.axomiyakobita.in হীৰুদাৰ ১০টা ভাল লগা কবিতা । খণ্ড ১ । www.axomiyakobita.in Reviewed by কবিতা মেজ on July 18, 2021 Rating: 5

No comments:

Powered by Blogger.