কবিঃ- দেৱকান্ত বৰুৱা
কোন দূৰ শতিকাৰ বুৰঞ্জী-বিস্মৃত কোন
সোণালী ক্ষণত,
কোননো অপ্সৰী আহি ভাঙিলে তপস্যা কাৰ
এটি কটাক্ষত !
তোমাৰ চকুত প্রিয়া! জ্বলে নে বিজুলী সেই ?
সিদিনাৰ দৰে,
উঠে নে ফুলনি হাঁহি তোমাৰ চেনেহ লাগি
বননি শিঞৰে ?
মেখেলাৰ পাতলিত জ্বলে নে অযুত তৰা ?
ৰিহাৰ আঁচলে
যি-বসন্ত অহা নাই, আনে নে সুৰভি তাৰ
কলঙ উথলে ?
যি পদুম বিচাৰিলোঁ জীৱনৰ খালে বিলে,
ঘাটিলোঁ নর্দমা ;
নোপোৱা পহুম-পাহি তুমিয়ে নে মোৰ বাৰু ?
হেৰা মনোৰমা !
পদুমৰ পাহি সৰে, বসন্ত লেৰেলি পৰে,
মাৰ যায় তৰা ;
হাঁহি আৰু মৰণৰ অপূর্ব আভাৰে দীপ্ত
এই বসুন্ধৰা !
তুমিও মৰিবা সখী ! শেষ হ’ব খেলিমেলি
এই উপন্যাস ;
তোমাৰ প্রেমেৰে ৰঙা আজিৰ কবিতা হ’ব
শব্দৰ বিন্যাস ।
সঁচা আৰু কল্পনাৰ মিছা বোল সনা এই
আমাৰ জীৱন ;
অমৰ কৰিবা তাক, সানি কিটো অমৃতৰ
নিষ্ফল ৰহণ ?
খন্তেক যৌৱন প্রিয়া ! শোভিছে খন্তেক মাথো
এই মৃত্যু ভুমি ;
অর্থহীন জীৱনৰ কৰুণ ৰহস্য এয়া,
অর্থ তাৰ তুমি ।
নিৰুপায়! পৃথিৱীৰ শোভা চাৰি আকাশৰ
বিষাদ-নীলিমা,
তুমি আৰু মই সজা প্রেমৰ পৃথিৱী এয়া,
—মৃত্যু তাৰ সীমা ।
পৃথিৱী
Reviewed by কবিতা মেজ
on
December 06, 2018
Rating:
No comments: