আনন্দ চন্দ্ৰ আগৰৱালাৰ কবিতা সংগ্ৰহ । Collection of Ananda Chandra Agrawal's Poem | Part 1

 আনন্দ চন্দ্ৰ আগৰৱালা


আনন্দ চন্দ্ৰ আগৰৱালা



এজন প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লিখক আছিল। জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত এখেত অন্যতম। তেখেতক ভাঙনি কোঁৱৰনামেৰেও জনা যায়। আগৰৱালা দেৱে ১৯১৬ চনত ৰায়চাহাব উপাধি আৰু ১৯২১ চনত ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল। তেওঁ তেজপুৰ পৌৰসভাৰ সভাপতিও আছিল। ছাত্ৰ অৱস্থাতে তেওঁ কেইজনমান বন্ধুৰ লগলাগি "ধৰ্ম সঙ্গীত" নামে পুথি ৰচনা কৰিছিল। ১৯০৬ চনত তেওঁ "পুলিচ মেনুৱেল" ৰচনা কৰিছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ কাৰণে তেখেতক ১৯৩৪ চনত মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য আছিল আৰু জোনাকী কাকতৰ নিয়মীয়া লিখক আছিল। 

আমাৰ নতুন লিখনিটো পঢ়িবলৈ CLICK কৰক

জন্ম আৰু শিক্ষা

১৮৭৪ চনত অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰৰ বৰঙাবাৰীত তেখেতৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা। বৰঙাবাৰী পাঠশালা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা সাং কৰি তেখেতে কলিকতা মেট্ৰ’পলিটান কলেজৰপৰা এফ এত উচ্চ শিক্ষা গ্ৰহণ কৰে। কলিকতাত থকা অৱস্থাত তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য হয় আৰু জোনাকী কাকতত নিয়মীয়া লিখিবলৈ লয়। সাহিত্য চৰ্চাৰ কামত লাগি থাকি তেওঁৰ পঢ়া আধৰুৱা হয় আৰু বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নোলোৱাকৈয়ে ঘৰলৈ উভতি আহে। 

কৰ্মজীৱন

শিৱসাগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে চাকৰি জীৱনৰ পাতনি মেলি তেখেতে পিছলৈ ছাব-ইন্সপেক্টৰ, ইন্সপেক্টৰ, শিলচৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ সহ আৰক্ষী অধীক্ষক আদি পদত কাৰ্য্যনিৰ্বাহ কৰে। ১৯৩০ চনত আৰক্ষী অধীক্ষকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ মাজতে তেখেতে জোনাকী আৰু বিজুলী আলোচনীৰ লগত জড়িত হৈ পৰে আৰু অসমীয়া সাহিত্য ক্ষেত্ৰত প্ৰভুত বৰঙনি যোগায়। ১৯৩৪ চনত অসম সাহিত্য সভাৰ মঙ্গলদৈ অধিবেশনত আগৰৱালাদেৱে সভাপতিত্ব কৰিছিল।

মৃত্যু

১৯৩৯ চনত তেজপুৰত আগৰৱালাদেৱৰ মৃত্যু হয়।


আমাৰ নতুন লিখনিটো পঢ়িবলৈ CLICK কৰক

 

আমি সকলোৱে ভাল পোৱা কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ দুটিমান কবিতা আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ। আশা কৰিছো আপোনালোকে পঢ়ি ভাল পাব।


আমাৰ গাঁও

 

 

শুৱনি আমাৰ গাঁওখন অতি

 

          শুৱনি গছেৰে ভৰা;

 

ডাল ভৰি ভৰি ফলফুল লাগে,

 

          কত পাওঁ তলসৰা,

 

শুৱনি আমাৰ ধাননি পথাৰ,

 

          ধানেৰে উপচি পৰে;

 

শুৱনি নদীৰ পানী-ভৰা ঘাট,

 

          মুদৈয়ে বেপাৰ কৰে।

 

চালত কোমােৰা, লাও, জিকা, ভােল,

 

          ভঁৰালত জহাধান,

 

গােহালিত গৰু, পুখুৰীত মাছ,

 

          বাৰীত তামােল পাণ।

 

গছৰ ডালত শুৱনি চৰায়ে

 

          শুৱলা সংগীত গায়,

 

শাকনিত শাক, ফুলনিত ফুল,

 

          দেখিলে হিয়া জুৰায়।

 

ঘৰে ঘৰে ৰং ধেমালিৰ হাট

 

          ঘৰে ঘৰে হাঁহি-মুখ।

 

ঘৰে ঘৰে ভাল চেনেহা-চেনেহী

 

          ঘৰে ঘৰে দেখোঁ সুখ।

 

ভাৱনা-সবাহ গীত ভাল পােৱা,

 

          মধুৰ মুৰুলী তান,

 

দহোটাৰ কাম একে জনে কৰা,


সুখ

 

 

সুখ সুখ বুলি            মানুহ বলিয়া

 

        নেদেখে সুখৰ মুখ ;

 

সুখ বিচাৰোঁতে          পায় সংসাৰত

 

        দুখৰ উপৰি দুখ

 

 

 

দেখিও নেদেখা          কিয় দিন-কণা

 

        সুখযে হাততে আছে ;

 

যিটেদিব পাৰে          স্বাৰ্থ-বলিদান,

 

        সুখ ফুৰে পাছে পাছে

 

 

 

অকল নিজৰ          নিমিত্তে নহয়

 

        আমাৰ জীৱন ভাই,

 

পৰৰ কাৰণে          খাটিব পাৰিলে

 

        সংসাৰ সুখৰ ঠাই

 

 

 

পৰৰ অভাৱ,          পৰৰ দুখত

 

        হিয়া যদি পমি যায়,

 

পৰক আপোন          কৰিব পাৰিলে

 

        সংসাৰত দুখ নাই

 

 

 

 

 

শক্তি-সামৰথ          পৰৰ সুখত

 

        বিলাব পাৰিলে ভাই,

 

পৰৰ কাৰণে          কান্দিব জানিলে

 

        কান্দোনতো সুখ পায়

 

 

 

সকলো আপোন     যত নৰ-নাৰী ;

 

        কাকনো বুলিম পৰ ?

 

পৰমপিতাৰ          সকলো সন্তান

 

        পৃথিৱী আমাৰ ঘৰ

 

 

 আমাৰ নতুন লিখনিটো পঢ়িবলৈ CLICK কৰক

 

 

গাই-গোটা-পেটে-   ভঁৰাল নহবাঁ

 

        লোকৰ দুখলৈ চোৱাঁ,

 

মানুহৰ সেৱা,       মানুহৰ পূজা,

 

        পৱিত্ৰ বৰত লোৱাঁ

 

 

 

সুখৰ দুখৰ           মনেই কাৰণ

 

        মনক কৰিবাঁ থিত ;

 

ত্যাগত লভিবাঁ     পৰম সন্তোষ

 

        সাধিবাঁ লোকৰ হিত

 

 

 

স্বাৰ্থৰ বাটত       দুখৰ কাঁইট,

 

        খোজে পতি বিন্ধে হুলে,

 

স্বাৰ্থৰ বাট,       সেন্দুৰীয়া আলি,

 

        সুগন্ধি কুসুম ফুলে

 

 

 

যথাৰ্থ নিঃস্বাৰ্থ   ধৰমী জীৱন,

 

        বিস্ব-প্ৰেমে ভৰ-পূৰ,

 

বিশ্বৰ সকলো       ভাই-ভনী তাৰ,

 

        সুখৰ নপৰে ওৰ

 

                        -আনন্দ চন্দ্ৰ আগৰৱালা

 

দেৱ-কন্যা মানৱী বেশেৰে


পুৱঁতী নিশাৰ ফুলটিৰ দৰে,

  সদাই লাজতে মৰা।

সকলো দেখিলোঁ, থৰ লাগি চালোঁ,

  চাই চাই ভোল গলোঁ।

গভীৰ হিয়াৰ গভীৰ তলিত

  তোৰ ৰূপ সাঁচি থলোঁ।

হৃদয়ৰ বীণ বাজিল আকউ।

  তন্ত্ৰীত পৰিল তান।

তোৰ লগে মিলি ক্ষুদ্ৰ কণ্ঠ তুলি।

  কৰিলোঁ কতনো গান।

তই যে মাতিলে মইনাৰ মাত।

  কোকিলৰ ধ্বনি শুনো।

অনুপমা তোৰ ৰূপৰ মাধুৰী।

  দেখি কত কথা গুণো।

অমৰাৱতীৰ কোন দেৱকন্যা

  বাট-পথ হেৰুৱাই।

মানৱ দেশত মানৱী বেশেৰে।

  মানৱ-গৃহ শুৱাই,

আছিলি দুদিন; তোৰ চৰণত

  হিয়া মোৰ দিলো সঁপি,

তোৰ প্ৰতিমাকে ঘনে ঘনে চাওঁ।

  থাকোঁ তোৰ নাম জপি।

আছোঁ মই সুখে ৰূপ-মধু খাই,

  এদিনা কলিহি যাওঁ।

নেলাগে সংসাৰমিচিকাই হাঁহি,

  মাৰিলি তই উৰাও।

কলৈ যাৱ সোণ, এখন্তক ৰবি,

  নহবি নিৰ্দয় অতি।

যাৱ যদি মোকো লই যা লগতে,

  থাকোঁ মই কাৰে সতি।

 

জীৱন সঙ্গীত

লেখক: আনন্দ চন্দ্ৰ আগৰৱালা 


শোকৰ কবিতা ৰচি দুধাৰি চকুলু মচি

নক'বা জীৱন মিছা, নিশাৰ সপোন ।

অসাৰ সংসাৰ ভাই ইয়াত সকাম নাই

মোহময় মায়াময় সকলো মাথোন ।।

 

পুত্ৰ কন্যা পৰিবাৰ কোন তৱ তুমি কাৰ

বুলি হেৰা অকাৰ্য্যত নকৰা বেজাৰ ।

কলা ঘুমটীয়া হই আত্মা যে আছে ৰই

জানিবা মৰণ নাই এই আত্মাৰ ।।

 

অস্থায়ী মানৱ দেহা কৰিম দুদিন বেহা

ফুৰিম দুদিন মাথো সংসাৰ হাটত ।

দুদিনৰ অন্ত হ'লে আয়ুষ ঢুকাই গ'লে

সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত ।।

 

চকু কাণ নাক যাব হাড় ছাল সাং হ'

মাটিৰ মানুহ তুমি মাটিত মিলিবা ।

অবিনাশী নিত্যধন অমৰণ অভগন

অনন্ত উন্নতিশীল আত্মা জানিবা ।।

 

সদায় চকুলো টোকা দুখত মগন থকা

ভোগ সুখ জীৱনৰ উদ্দেশ্য নহয় ।

এনেভাবে কাম কৰা দিনে যেনে আগবঢ়া

প্ৰতিদিনে খোজ যেন আগলৈহে যায় ।।

 

পল পল দণ্ড কৰি সময় গৈছে উৰি

পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম ।

বহু দূৰ আছে গতি সময় তাকৰ অতি

কৰিব লগিয়া আমি আছে বহু কাম ।।

 

দিন যায় আহে ৰাতি আয়ুষ গৈছে টুটি

লাহে লাহে চমু চাপি আহিছে মৰণ ।

সংসাৰ যুজৰ ঠাই শুবৰ সকাম নাই

কাচি-পাৰি যুজা সৱে কৰি প্ৰাণ পণ ।।

 

এলাহ নিহালী থোৱা বীৰবেশ গাত লোৱা

নহ'বা মৰাৰ প্ৰায় মানুহ-সন্তান ।

নহ'বা গৰুৰ দৰে খুচিলেহে খোজ ধৰে

ৰণত বীৰেন্দ্ৰ বুলি হোৱা খ্যাতিমান ।।

 

কল্পনা চকুৰে চোৱা যেনেকি সুন্দৰ পোৱা

নকৰিবা দূৰ ভবিষ্যক পতিয়ন ।

অতীত মৰি গ'ল তাৰ কথা অন্ত হ

মনৰ পৰাই তাক কৰা বিসজ্জৰ্ন ।।

 

যিহকে আগত পোৱা ততালিকে কৰি যোৱা

জীৱন্ত জাগ্ৰত বত্তৰ্মান সময়ত ।

সাহক সাৰথি কৰা কত্তৰ্ব্যৰ আগে লৰা

ঈশ্বৰ কৰুণাময় আছে ওপৰত ।।

 

মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ

আমিও কৰিব পাৰো জীৱন গঢ়িত ।

অভিনয় শেষ হ'লে জীৱনৰ অন্তকালে

থই যাব পাৰো খোজ সময় বালিত ।।

 

কেতিয়াবা হ'ব পাৰে কোনো দুভৰ্গীয়া নৰে

জীৱন সমুদ্ৰ মাজে নাও বুৰ গই ।

অঠাই পানীত পৰি কক্ বক্ কৰি কৰি

ঢউৰ কোবত যদি আহি পাৰ পায় ।।

 

দেখি সেই খোজবোৰ হ'ব তাৰ আশা ঘোৰ

সাহ কৰি খোজে খোজে খোজ ল'ব পাৰে ।

তেনে হ'লে বলা ভাই শুবৰ সকাম নাই

অপূৰ্ব জেউতি চোঁৱা উন্নতিৰ শিৰে ।।

 

শিকা সৱে পৰিশ্ৰম, শিকাহে নীতি-ধৰম,

নেভাবিবা সুখ-দুখ কিনো কপালত ।

কত্তৰ্ব্যৰ পাচে লৰা ক্ৰমাগত কাম কৰা

ফলা ফল ফল দাতা বিভূৰ হাতত ।

 চহাৰ সৰল প্রাণ। 

আমাৰ নতুন লিখনিটো পঢ়িবলৈ CLICK কৰক

(আগলৈ)





আনন্দ চন্দ্ৰ আগৰৱালাৰ কবিতা সংগ্ৰহ । Collection of Ananda Chandra Agrawal's Poem | Part 1 আনন্দ চন্দ্ৰ আগৰৱালাৰ কবিতা সংগ্ৰহ । Collection of Ananda Chandra Agrawal's Poem | Part 1 Reviewed by কবিতা মেজ on August 01, 2021 Rating: 5

No comments:

Powered by Blogger.