বিবেক । An Assamese Poem by লক্ষ্মীনাৰায়ণ বৰা |

 বিবেক 

লক্ষ্মীনাৰায়ণ বৰা


Assamese Poem
বিবেক



আমি অসমীয়া নহওঁ দুখীয়া

কিহৰ দুখীয়া হ’,

বছৰ জুৰি উৎসৱবোৰ পাতি

মনত আনন্দ লম।

ৰঙালী বিহু পাতিম প্ৰায় তিনিমাহ,

ভোগালীত ভোগ কৰিম দুমাহ,

ভাগৱত পাঠ হব প্ৰতি চুবুৰীত

গোটেই খৰালিৰ ছমাহ।

বিশ জুনতহে কিয় ৰাভা দিৱস পাতিম

পাতিম পষেক জুৰি,

ৰাস পাতিম দুমাহ ধৰি

এটাও তিথি নেৰি।

টকা পইচাৰনো কিহৰ অভাৱ,

গড়ী, মটৰ আগচিয়েই সকলো গোটাম।

জাতি-ধৰ্ম নিৰ্বিশেষে চান্দা তুলিম

একতাৰ দোলেৰে বান্ধি ৰাখিম।

আমি শিক্ষিত নিবনুৱা যুৱক

চৰকাৰে আমাক চাকৰি দিয়ক

চাকৰি নিদিলে আন্দোলন কৰিম

আকাশ-বতাহ কঁপাই তুলিম।

অফিচ ভাঙিম, গাড়ী জ্বলাম

ৰাস্তা ঘাটটো টায়াৰ জ্বলাম

সকলোবোৰ চৰকাৰৰ যাব

আমাৰনো কি ক্ষতি হ?

খেতি কৰি কিয় ৰদত শুকাম

সংগঠন খুলি লৈ টকা গোটাম

কৰ্ম আমি কিয় কৰিব লাগে

প্ৰাকৃতিক সম্পদে দেশ ভৰি আছে

বিবেক - তহঁত অসমীয়ানো কিহৰ দুখীয়া

             ঘৰ, চাউল পাৱ বিনামূলীয়া

               কাম-বন এৰি হলি ধুদিয়া

                এবাৰ চাই লএইখন দুনিয়া

                ঘৰতে থাকি হবি যেতিয়া ভগনীয়া

                তেতিয়াহে কাঢ়িবি হা-হুমূনিয়াহ ।

…………………………………………………….


বিবেক । An Assamese Poem by লক্ষ্মীনাৰায়ণ বৰা | বিবেক । An Assamese Poem by লক্ষ্মীনাৰায়ণ বৰা | Reviewed by কবিতা মেজ on December 26, 2021 Rating: 5

No comments:

Powered by Blogger.