নাজানো,....
দিঠকবোৰৰ বাবে সপোনবোৰ কিমান সঁচা।
মাত্ৰ এইটোৱেই সঁচা যে,
তোমাৰ মধুৰ
সপোনবোৰ দেখি মোৰ ভাল লাগে,
তেতিয়াৰ পৰাই যেতিয়াৰ পৰা আমি অচিনাকী হৈয়ে
এদিন চিনাকী হ’লো।
পৰিচয় নাছিল যে তুমি মোৰ হৃদয়ত ঝংকাৰ তুলিবলৈ।
পৰিচয় নাছিল যে তুমি মোৰ জীৱনটো মধুৰ কৰিবাহি বুলি
আৰু
পৰিচয় নাছিল যে তুমি মোৰ মৰমবোৰ জগাবাহি।
এনেদৰেই পৰিচয়বিহীন হৈ তোমাৰ সৈতে পৰিচিত হ’লো,
হঠাৎ এদিন।
মোৰ ভাল লাগিল।
কিয়?
উত্তৰ কিন্তু নাজানোঁ।
মাথোঁ ভাল পাবলৈ ললোঁ তোমাক।
এইয়াই মোৰ আৰম্ভণি তোমাক লগ পোৱাৰ।
এতিয়া তুমিবিহীন জীৱন......
মোৰ বাবে মই অপৰিচিত।
তুমি, মই এতিয়া আমি।
মাথোঁ আমি।
দলিচাত মাথোঁ তোমাৰ পদ
স্পৰ্শৰ অনুভুতিবোৰ
সজীৱ হ’বলৈ ধৰিছে,
কাৰণ এয়া তোমাৰ আগমনৰ
আগজাননী।
ঘৰখন সম্পূৰ্ণ হোৱাৰ বাটত
তোমাৰ উশাহবোৰ সঘনে আহিছে।
প্ৰেমত পৰিবলৈ নাজানিছিলোঁ,
প্ৰেম কৰিবলৈ নাজানিছিলোঁ,
কিন্তু এতিয়া.....
এই নজনাখিনিয়েই সপোনত বাৰে
বাৰে
মধুৰ হৈ স্মৃতিৰ দিঠকবোৰ
ৰঙীন কৰিছে।
ইয়াৰ কাৰণ,
মোৰ জীৱনটোৰ বাবে তোমাৰ
উপস্থিতি।
সপোন দেখিব লাগে....
এই বুলি মানুহে কয়....
প্ৰথমে কল্পনাও কৰা
নাছিলোঁ যে মই কি দেখিম সপোনত।
জনা নাছিলোঁ যে তোমাক লৈ
দেখা সপোনবোৰ ইমান ভাল লগা....
কাৰণ তোমাক লৈ সপোনবোৰ দেখিবলৈ
তেতিয়া তুমি নাছিলা...
অকলশৰীয়া আছিলো মই।
অজ্ঞাত আছিলোঁ মই।
কিন্তু এতিয়া....
এতিয়া সপোনৰ সুকোমল কোলাত
মাথোঁ তুমি....
আশা মাথোঁ দিঠকবোৰ সপোনৰ
দৰেই ৰঙীন হোৱাৰ।
তাৰ বাবে আমি একমত।
অ’ সোনজনী......
এষাৰ মৰমৰ মাত...
আৰু জীৱনটো মোৰ বাবে
সাৰ্থক।
বুজিবলৈ অসুবিধা প্ৰেমৰ
শব্দবোৰ।
জানিবলৈ অসুবিধা মৰমৰ মাতবোৰ।
কিন্তু অদৃশ্য প্ৰেমৰ
মৰমবোৰ
তোমাৰ ভাৱনাত অন্তৰ্নিহিত
হৈ থকা প্ৰেমৰ মধুৰ আলিংগনত
বহিপ্ৰকাশ হৈ সহজে হৃদয়েৰে
বুজিব পাৰি।
এবাৰ মোৰ কোলাত জৰণি
লোৱা...
তেতিয়া তুমিও নিশ্চয়
বুজিবা।
মন যায়....
মোৰো এখন সংসাৰ গঢ়িবলৈ...
তোমাৰ সৈতে...
জীৱনটো পাৰ কৰিবলৈ...
তোমাৰ সৈতে।
য’ত কোনো যান্ত্ৰিকতা
নাথাকিব,
য’ত কোনো কৃত্ৰিমতা
নাথাকিব,
য’ত কোনো লোভ নাথাকিব।
মন যায়...
মাথোঁ মৰম আৰু আমি হৈ
থাকিবলৈ।
চৰ্তবিহীন জীৱনৰ আশা আমি
কৰোঁ।
এইয়াই তোমালৈ বুলি মোৰ
আজিৰ প্ৰেমৰ প্ৰথমটি প্ৰস্তাৱ......
ইতি
তোমাৰ
মৰমৰ মৰম

No comments: