তোমাৰ বাৰু মোলৈ মনত নপৰে নাই,
মোৰ যে তোমালৈ খুবেই মনত পৰিব (?)
কি কৰিম বাৰু তেনে ক্ষণ মুহুৰ্ত্ত বোৰত,
তুমি হিনতাত মনে বৰকৈ উচুপি উঠিব !
হ'য়তো তেতিয়া তুমি থাকিবা
আনৰ মৰম মিহলি জীৱনৰ
সুমধুৰ ক্ষণ চুমি চুমি !!
আৰু মই - - - -
ব্যৰ্থতাত থেকেচা খোৱা হৃদয় খন লৈ
নিৰ্জন আন্ধাৰত নিৰবে উচুপি উঠিম,
পাই হেৰুৱা বেদনাৰ টোপোলাটি মেলি !!!
শোকে উজান পৰিব সিদিনা মোৰ হৃদয় বননিত
বুজনি দিবলৈ যে কাষত কোনেও নাথাকিব !!!
থাকিব কেৱল বুকু খুন্দা মাৰি ধৰা
গধুৰ হুমুনিয়াহ এটি !!!!!!
মোৰ যে তোমালৈ খুবেই মনত পৰিব (?)
কি কৰিম বাৰু তেনে ক্ষণ মুহুৰ্ত্ত বোৰত,
তুমি হিনতাত মনে বৰকৈ উচুপি উঠিব !
হ'য়তো তেতিয়া তুমি থাকিবা
আনৰ মৰম মিহলি জীৱনৰ
সুমধুৰ ক্ষণ চুমি চুমি !!
আৰু মই - - - -
ব্যৰ্থতাত থেকেচা খোৱা হৃদয় খন লৈ
নিৰ্জন আন্ধাৰত নিৰবে উচুপি উঠিম,
পাই হেৰুৱা বেদনাৰ টোপোলাটি মেলি !!!
শোকে উজান পৰিব সিদিনা মোৰ হৃদয় বননিত
বুজনি দিবলৈ যে কাষত কোনেও নাথাকিব !!!
থাকিব কেৱল বুকু খুন্দা মাৰি ধৰা
গধুৰ হুমুনিয়াহ এটি !!!!!!
গধুৰ হুমুনিয়াহ
Reviewed by কবিতা মেজ
on
December 06, 2018
Rating:
No comments: