শেষ নিশাৰ কথা

Sampurna Sharma



জীৱনে বহুত শিকাইছে। মই শিকি আছো।
তুমি দিয়া সুখবোৰে
কেতিয়াবা সুগন্ধি ফুল হৈ বুকু জুৰায়..
কেতিয়াবা দুঃখ হৈ বুকু খুন্দিয়ায়।
তোমাৰ ফুলনিৰ গোন্ধেৰে
মোৰ বাৰীও আমোলমোলায়।
মই বতাহত সীমা দিব নোৱাৰো,
কোনেও নোৱাৰে।
দুৱাৰ খিৰিকি জপাই দিওঁ,
আকুলতাবোৰ লুকাই থওঁ,
ভিন্ন সুবাসী ঘ্ৰাণে তথাপিও জোকাৰি পেলায়।
চকু জপালে তোমাক দেখোঁ
মেলিলে মৰিচিকা বিচাৰোঁ
শূণ্যত ৰঙীন ছৱি আঁকো।
বতাহত ছৱিবোৰ ভাঁহি থাকে..
মই হাঁহো..
এয়াই যে মোৰ জীয়াই থকাৰ প্ৰেৰণা।
তোমাৰ ফুলনি
তুমি মালী
মই পথিক।
যাত্ৰাৰ শেষত হয়তো
এপাহি ফুল তোমাৰ বাৰীৰো হ'ব!
মোক বিদায় দিব..
ইয়াতকৈ আৰু কি লাগে?
নিয়ৰ হৈ উভতি আহিম
তোমাৰ ফুলনিৰ
কোনোবা ফুলত দুলি ৰ'ম
তোমাৰ প্ৰতিক্ষাত..
তুমি চিনি পালে
মোৰ মুক্তি হ'ব
..........................
শেষ নিশাৰ কথা শেষ নিশাৰ কথা Reviewed by কবিতা মেজ on December 07, 2018 Rating: 5

No comments:

Powered by Blogger.