— ঋষিৰাজ গৌতম
মই কোন কিয় লাগে ???
মইতো মোৰ বাবেও এটি সাঁথৰ ৷
মোৰ সুখবোৰেইচোন মোৰ দুখৰ বাহক;
মোৰ অশ্ৰু যে মোৰেই হাঁহিবোৰৰ ৰূপান্তৰ ৷
এক শব্দহীন জ্বালামুখীয়ে
দহিছে মোৰ হৃদয়—অস্তিত্ব,
অথচ তোমাৰ বাবে অন্তৰত
ইমান স্নিগ্ধ অব্যক্ত অনুভৱ ৷
তুমি মোক জানিব বিছাৰা!!
নেলাগে দিয়া...
মোৰ পৰা দূৰৈত মোৰ স্নিগ্ধতাই
হয়তো তোমাৰ হিয়াও জুৰাব ৷
কাষলৈ আহিলে পুৰি মৰিবা ৷
মোক এনেকৈয়ে থাকিব দিয়া —
এটি নামহীন অবুজন যন্ত্ৰণা হৈ৷
মই কোন কিয় লাগে ???
Reviewed by কবিতা মেজ
on
March 08, 2019
Rating:

No comments: