পথভ্ৰষ্টৰ কবিতা

অৰ্চনা জি. শইকীয়া






অনুগ্ৰহ কৰি মোক মোৰ ঠিকনা নুসুধিব..
ক্লেদময় পিছলাঘাটত মই
কাহানিবাই হেৰুৱাই পেলাইছো
মোৰ ভাল লগা- ভালপোৱা।
মোৰ তিক্ত ঘামত লাগি
আহত জোনাকীকেইজনীও অপাৰগ,
নোৱাৰে দিব মোৰ ঠিকনা।
মোৰ মন-মগজুত লাগি থকা
ঘাঁ বোৰৰ বিষপানী খাই
মই জীয়াই আছোঁ।

তেজ বুলিবলৈ মোৰ গাত
পুখুৰীৰ ঘোলাপানী।
এটুকুৰা বায়ুত দুটা নিশাহ নিদিয়াকৈ
সেউজীয়াই নীলাই মই বাগৰি ফুৰোঁ।
' পাব আপুনি মোৰ ঠিকনা!!
গৰমত পুখুৰী,
ঠাণ্ডাত জ্বলাই দিয়া খেৰৰ '
বৰষুণত কাঠফুলাৰ পৃথিৱী;
প্ৰতিনিয়ত সলনি হয় মোৰ ঠিকনা।
অনুগ্ৰহ কৰি মোক মোৰ ঠিকনা নুসুধিব,
আজি মই হেঁপাহ পলুৱাই
জীৱনৰ বৰষুণত তিতিছোঁ।।

                                                                                                      


পথভ্ৰষ্টৰ কবিতা পথভ্ৰষ্টৰ কবিতা Reviewed by কবিতা মেজ on March 11, 2019 Rating: 5

1 comment:

Powered by Blogger.