ৰূপম হাজৰিকা
কি নাম দিওঁ এই সময়ক
পুৱা, আবেলি
নে কোনোবা পুৰাণৰ
অসুৰ-বধৰ গধুলি?
আজিপ্ৰতিটো প্ৰহৰ, প্ৰতিটো দৃশ্য
এটা এটা কবিতা
স্মৃতিপটত আঁকিবলৈ মাথোঁ বাকী....
কালৈ লিখিম
ঠিকনাবিহীন এখন চিঠি?
সিদিনা মোৰ কোনো কাম নাছিল
ঢপলিয়াই ফুৰিছিলোঁ
বৰষুণ আৰু ডাৱৰৰ দেশত......
কোনে জানো
হাতত তুলি দিলে
এটা অংক, জটিল অংক....
এতিয়া বোধ কৰিছোঁ
মোৰ বাবে নাছিল অংকটো...
বেৰত ওলমি আছে
এটা পুৰণি ঘড়ী
অবিৰাম ইয়াৰ চুপতি..........
কেতিয়াবা জানো এনে হ'ব পাৰে?
পুৱতি-নিশা এটা সপোনৰ জলঙাইদি পলাই গৈ
দুপৰীয়া নদীখনৰ সতে কথা পতাৰ পাছত
সন্ধিয়া মই
আছোঁ এখন হাবিতলীয়া চিফুং গাঁৱত!
নিয়তি আৰু সিদ্ধান্ত
মাথোঁ দবা খেলত বাগৰি থকা নাই......
আছে ডাইছ্ খেলত
আছে কত অবুজ শিশুৰ
দুচকুত শিপাই.....
প্ৰহেলিকা, প্ৰহেলিকা
আকাশত উৰিছে
উৰোঁৱাইছে
প্ৰহেলিকাৰ চিলা.......
এতিয়া_____
কোনে জানে
কোনে বুজে
কোনে জিকে?
আৰু এটা কবিতা
Reviewed by কবিতা মেজ
on
March 11, 2019
Rating:
No comments: