তুমি জানানে




আবু ছাইদ





হয়! মোৰো বেয়া লাগে–
তোমাৰ মুখনি চালে! লাজত
মই বিমুখ হওঁ! মোৰ অভিশপ্ত
ছাঁয়া যেন তোমাক আবৰি
নধৰে!______
হয়! তেতিয়া খুৱেই বেয়া
লাগে যেতিয়া ভঙা চাইকেল
খন লৈ লজ্জাক ত্যাগ কৰিব
লাগে! মোৰ বাবে নহয় 'অ'
জানা! যেন তোমাৰ সন্মানৰ
হানি নঘটে!_____
নিৰিবিলি হৈ ভাবো কিহৰ নো তৃপ্তি 'অ'! –
বিচাৰি থাকোঁ নিজৰ মাজত!
মইনো কোন? পাহৰিছিলো
সমাজৰ নীতি অৰ্থই সমাজত
গধূৰ বুলি! ইতিহাস কয় প্ৰেম
বুলে সৰ্গ জয়! সেয়েহে চাইছিলোঁ
সপোন কৰ্মৰ গতিত, ধৰি সততাৰ
সূতী! সদায় বলিয়া মনটো মোৰ
ছটফটা কৰে কিয় জানানে তুমি?

তুমি জানানে তুমি জানানে Reviewed by কবিতা মেজ on April 09, 2019 Rating: 5

No comments:

Powered by Blogger.