এটি গীত












বহাগ বহাগ লাগে দেখোন
ফাগুনৰে দিন,
শুকান শুকান লাগে দেখোন
বহাগৰে গীত।
' বিহুৱা কাই 
তোমাৰ মাতত চোন
ৰস অকণ নাই।।


এই বেলিৰ বিহুৱান
বান্ধি লৈ কঁকালত
বচাওঁ অামাৰ মান
শ্বহীদৰ তেজেৰে লিখি লম তাতে,
আমি আগুৱাম তোমাৰ বাটেৰে।
' অসমীয়া ভাই
তোমাৰ দেহত চোন কাণসাৰে নাই ।।


এইবেলিৰ ধ্বনি,
বিশ্বৰ দৰবাৰত তুলিলে প্ৰতিধ্বনি,
প্ৰতিজন সতেচন
ব্যক্তিয়ে আমাতে,
জনালে সমৰ্থন
আশ্বাস বাণীৰে।


সাহস সাহস লাগে দেখোন
অসহায় দিন,
মৰোঁ মৰোঁ লাগে দেখোন
যুদ্ধৰহে দিন।।


বিঃদ্ৰঃ এইগীতটো বহু বছৰ আগতে লিখিছিলোঁ সুৰেৰে সজাইছিলে শ্ৰী লোহিত চন্দ্ৰ ৰাভাই


এটি গীত এটি গীত Reviewed by কবিতা মেজ on April 30, 2019 Rating: 5

No comments:

Powered by Blogger.