হে সীতা !
সতী হবলৈ গৈ
অগ্নি পৰীক্ষাত নবহিবা
তোমাৰ সতীত্বৰ পৰীক্ষা
লব খোজা
এই জন কোন ৰামচন্দ্ৰ !
সত্যযুগৰ নে
আধুনিক যুগৰ ৰাম ?
তেওঁ পাৰিব নেকি কবলৈ
বুকু ডাঠ কৰি
সমাজৰ মাজত গৈ
" অগ্নি আসনত প্ৰথমে
বহিব পতি,
তাৰ পিছতহে পত্নী ।"
সতী হবলৈ গৈ
অগ্নি পৰীক্ষাত নবহিবা
তোমাৰ সতীত্বৰ পৰীক্ষা
লব খোজা
এই জন কোন ৰামচন্দ্ৰ !
সত্যযুগৰ নে
আধুনিক যুগৰ ৰাম ?
তেওঁ পাৰিব নেকি কবলৈ
বুকু ডাঠ কৰি
সমাজৰ মাজত গৈ
" অগ্নি আসনত প্ৰথমে
বহিব পতি,
তাৰ পিছতহে পত্নী ।"
হে দেৱী !
এনে পতি যদি পায়
কোনো সুভাগ্যৱতী ললনাই
সেইজনীক কম মই
পৰম সুভাগ্যৱতী বুলি ।
কাৰণ -------
(আজিৰ) সমাজত
কলুষতাৰ তুলাচনীত
জোখা হয় নাৰীক
কেৱল নাৰীক ।
আৰু খুৱ কৌশলতাৰে
সেইখন তুলাচনীৰ পৰা
বাদ পৰে
আমাৰ মহান(?) পুৰুষ গৰাকী
এনে পতি যদি পায়
কোনো সুভাগ্যৱতী ললনাই
সেইজনীক কম মই
পৰম সুভাগ্যৱতী বুলি ।
কাৰণ -------
(আজিৰ) সমাজত
কলুষতাৰ তুলাচনীত
জোখা হয় নাৰীক
কেৱল নাৰীক ।
আৰু খুৱ কৌশলতাৰে
সেইখন তুলাচনীৰ পৰা
বাদ পৰে
আমাৰ মহান(?) পুৰুষ গৰাকী
হে দেৱী !
দেখি এই পুৰুষতান্ত্ৰিক সমাজৰ চলনা ,
নাজাগেনে কোমল অন্তৰত
গোপনে লুকাই থকা
প্ৰতিবাদৰ ভাষা ।
আদ্যাশক্তি নাৰী তুমি
প্ৰচুৰ শক্তিশালী ,
বিছাৰিলেই সলাব পৰা
সমষজৰ ছৱি খনি ।
তুমি নিশ্চয় নহোৱা ,
অৱলা বা অকলশৰীয়া ।।
দেখি এই পুৰুষতান্ত্ৰিক সমাজৰ চলনা ,
নাজাগেনে কোমল অন্তৰত
গোপনে লুকাই থকা
প্ৰতিবাদৰ ভাষা ।
আদ্যাশক্তি নাৰী তুমি
প্ৰচুৰ শক্তিশালী ,
বিছাৰিলেই সলাব পৰা
সমষজৰ ছৱি খনি ।
তুমি নিশ্চয় নহোৱা ,
অৱলা বা অকলশৰীয়া ।।
লাঞ্চিতা, উপেক্ষিতা
শত সহস্ৰ জনী
আছে ৰৈ,
অলেখ আশা হৃদয়ত লৈ
তোমাৰ সহযোগী হ’বলৈ ।
শত সহস্ৰ জনী
আছে ৰৈ,
অলেখ আশা হৃদয়ত লৈ
তোমাৰ সহযোগী হ’বলৈ ।
মাথোঁ এবাৰ আহ্বান দিয়া ।
লাজ, মান ৰক্ষাৰ হকে
মাথোঁ এবাৰ আহ্বান দিয়া ।।
লাজ, মান ৰক্ষাৰ হকে
মাথোঁ এবাৰ আহ্বান দিয়া ।।
আহ্বান
Reviewed by কবিতা মেজ
on
May 02, 2019
Rating:

No comments: