মানুহৰ প্ৰতি || সুৰেশ শৰ্মা || Suresh Sharma | Manuhor Proti, A poems about people's personalities

মানুহৰ প্ৰতি


মানুহৰ প্ৰতি, A  poems about people's personalities, Manuhor Proti
মানুহৰ প্ৰতি । A  poems about people's personalities


মোৰ তোমাৰ আৰু আমাৰ মৰম,
কাৰ প্ৰতি ?
মানুহৰ প্ৰতি ।

মোৰ তোমাৰ আৰু আমাৰ ঘৃণা ,
কাৰ প্ৰতি ?
মানুহৰ প্ৰতি ।

মোৰ তোমাৰ আৰু আমাৰ ভয ,
কাৰ প্ৰতি ?
মানুহৰ প্ৰতি ।

মোৰ তোমাৰ আৰু আমাৰ ঈৰ্ষা ,



কাৰ প্ৰতি ?
মানুহৰ প্ৰতি ।

মোৰ তোমাৰ আৰু আমাৰ সন্মান ,
কাৰ প্ৰতি ?
মানুহৰ প্ৰতি ।
একমাত্ৰ মানুহৰ প্ৰতি ।
মোৰ তোমাৰ আৰু আমাৰ ,
সম্পূৰ্ণ সহানুভূতি !
কাৰ প্ৰতি ?


মোৰ তোমাৰ আৰু আমাৰ সমান মানুহৰ প্ৰতি ঐ ।
তেনেহলে আজি
মানুহে মানুহৰ মাজত ,
পাৰ্থক্য কিয়নো উলিয়াই ।


মানুহৰ প্ৰতি || সুৰেশ শৰ্মা || Suresh Sharma | Manuhor Proti, A poems about people's personalities  মানুহৰ প্ৰতি || সুৰেশ শৰ্মা || Suresh Sharma | Manuhor Proti, A  poems about people's personalities Reviewed by কবিতা মেজ on April 21, 2020 Rating: 5

No comments:

Powered by Blogger.