জাৰৰ ৰাতিৰ মানুহজন || নাছিৰ আহমেদ | An Assamese poem about a man by Nasir Ahmed


জাৰৰ ৰাতিৰ মানুহজন



জাৰৰ ৰাতিৰ মানুহজন
জাৰৰ ৰাতিৰ মানুহজন


জাৰৰ ৰাতিৰ মানুহজন জাৰত ঠকঠককৈ কঁপিছে ;
গাত উৱঁলি যোৱা কঁথা ।
তেওঁৰ শেঁতা পৰা চকুযুৰিত
মৃত্যুৰ কাতৰ যন্ত্ৰনা !
জাৰৰ ৰাতি মানুহজন
জাৰত ঠকঠককৈ কঁপিছে ;
তেওঁৰ বুকুত এপাহাৰ বৰফৰ দম !

যোৱাবেলি ঠেঁটুৱৈ লগা প্ৰচণ্ড জাৰত
পোণাকণটিৰ বুকুৰ স্পন্দন স্তব্ধ হ'
চিৰদিনৰ বাবে ------------------!!
পোণাকণটিৰ হাতত হাত ধৰি
মাকজনীও হেৰাই গ'ল !
এতিয়া জাৰৰ ৰাতি মানুহজনৰ দুঃস্বপ্নৰ পৃথিৱীত চৌদিশে কেৱল মৃত্যুৰ কিৰীলি !!

জাৰৰ ৰাতিৰ মানুহজন || নাছিৰ আহমেদ | An Assamese poem about a man by Nasir Ahmed জাৰৰ ৰাতিৰ মানুহজন || নাছিৰ আহমেদ | An Assamese poem about a man by Nasir Ahmed Reviewed by কবিতা মেজ on April 24, 2020 Rating: 5

No comments:

Powered by Blogger.