প্ৰতিকাৰ
নাৰী তুমি অৰ্ধাংগিনী
নাৰী তুমি শয্যাশায়িনী
নাৰী তুমি জগত জননী
তথাপিও হোৱা তুমি এলাগী !
নাৰী তুমি শয্যাশায়িনী
নাৰী তুমি জগত জননী
তথাপিও হোৱা তুমি এলাগী !
কিয়
কিয় বাৰু ?
কিয় বাৰু ?
দহ মাহ দহ দিন নিজৰ গৰ্ভত ধাৰণ কৰি ,
ভূমিস্হ হোৱাৰ দিন ধৰি ,
নিজ সন্তানক প্ৰতি পলে লালন-পালন কৰি ,
একোলা দুকোলাকৈ ডাঙৰ কৰি এৰি দিয়া ।
সমাজৰ সতে চলিবলে
সমাজৰ মতে চলিবলে
তদুপৰি তুমিওতো নিৰীক্ষণ
কৰি থকা অহৰ্নিশে
দিনে নিশাই অবৈতনিক চকীদাৰৰ দৰে ।
ভূমিস্হ হোৱাৰ দিন ধৰি ,
নিজ সন্তানক প্ৰতি পলে লালন-পালন কৰি ,
একোলা দুকোলাকৈ ডাঙৰ কৰি এৰি দিয়া ।
সমাজৰ সতে চলিবলে
সমাজৰ মতে চলিবলে
তদুপৰি তুমিওতো নিৰীক্ষণ
কৰি থকা অহৰ্নিশে
দিনে নিশাই অবৈতনিক চকীদাৰৰ দৰে ।
আৰু--------------------------
সেই সন্তানে তোমাৰ সতে বিচাৰে বিচ্ছেদ !
হয়তো নিজে গুচি যাব
অন্য জিলালৈ ,
অন্য ৰাজ্যলৈ ,
অন্য দেশলৈ ,
অন্যথা কুণ্ঠাবোধ নকৰে তোমাকে বৃদ্ধাশ্ৰমত থবলৈ ।
সেই সন্তানে তোমাৰ সতে বিচাৰে বিচ্ছেদ !
হয়তো নিজে গুচি যাব
অন্য জিলালৈ ,
অন্য ৰাজ্যলৈ ,
অন্য দেশলৈ ,
অন্যথা কুণ্ঠাবোধ নকৰে তোমাকে বৃদ্ধাশ্ৰমত থবলৈ ।
কিয়
কিয় বাৰু ?
এগৰাকী অৱলা নাৰীৰ প্ৰতি
এনে অন্যায় এনে অবিচাৰ ?
কিয় বাৰু ?
এগৰাকী অৱলা নাৰীৰ প্ৰতি
এনে অন্যায় এনে অবিচাৰ ?
নাপাব নেকি তেওঁলোকে কাহানিও বিচাৰি এই অন্যায়ৰ
প্ৰতিকাৰ !
প্ৰতিকাৰ !
প্ৰতিকাৰ / Protikar by Ram Prashad Rabha // A poem about a lady
Reviewed by কবিতা মেজ
on
April 19, 2020
Rating:

No comments: