পাহৰিব নোৱাৰো তোমাৰ অন্তৰত থকা প্ৰেমৰ কৰুণা || Sanju Sharma

পাহৰিব নোৱাৰো তোমাৰ অন্তৰত থকা প্ৰেমৰ কৰুণা 

Sanju Sharma





পাহৰিব নোৱাৰো তোমাৰ অন্তৰত থকা প্ৰেমৰ কৰুণা.……
তুমি কৰুণা কৰুণ আছিল তোমাৰ মৰম,
নোৱাৰিছোঁ থাকিব তোমাৰ প্ৰেমৰ অবিহনে।
তোমাক জীৱনৰ সংগী হিচাপে লৈ আগবাঢ়িলো,
তুমিয়েই দেখাইছিলা জীৱনৰ কঠিন পথৰ বাট।
পাহৰিব নোৱাৰোঁ তোমাৰ অন্তৰত থকা প্ৰেমৰ কৰুণা......
 তোমাক লগত লৈ ওলালোঁ সংসাৰ জয় কৰিবলৈ,
তুমিয়েই দিছিলা প্ৰেৰণা সংসাৰ জয় কৰিবলৈ।
এই মায়াৰ সংসাৰত আছিল বহু ঘাত প্ৰতিঘাত,
সকলো নেওচিবলৈ তুমিয়েই টো দিছিল প্ৰেৰণা।
পাহৰিব নোৱাৰোঁ তোমাৰ অন্তৰত থকা প্ৰেমৰ কৰুণা.....
মই ভাবিছিলোঁ সজাম আমি মৰমৰ সংসাৰ এটি,
সেই মৰমৰ সপোনৰ সংসাৰৰ গঢ় তুমিয়েই দিছিল।
দিছিলা বহু আশা সুন্দৰ সংসাৰ বাছি থকাৰ,
সকলো আশা সাগৰৰ ঢৌৰ দৰে নাইকিয়া কৰিলা।
পাহৰিব নোৱাৰোঁ তোমাৰ অন্তৰত থকা প্ৰেমৰ কৰুনা.....….
এই প্ৰেমৰ সংসাৰৰ ভাল বেয়া সকলো বুজালা,
 প্ৰয়োজনৰ সময়ত অকলশৰীয়া কৰি পেলালে।
তুমিয়েই আছিলা মোৰ জীয়াই থকাৰ অন্তিম লগৰী,
শেষত মোক নেওচি মোৰ পৰা বা আঁতৰহৈ গলা।

পাহৰিব নোৱাৰোঁ তোমাৰ অন্তৰত থকা প্ৰেমৰ কৰুণা........




পাহৰিব নোৱাৰো তোমাৰ অন্তৰত থকা প্ৰেমৰ কৰুণা || Sanju Sharma পাহৰিব নোৱাৰো তোমাৰ অন্তৰত থকা প্ৰেমৰ কৰুণা ||  Sanju Sharma Reviewed by কবিতা মেজ on April 18, 2020 Rating: 5

No comments:

Powered by Blogger.