সপোনৰ পম খেদি ।। পংকজ বৰুৱা । পুৰুষ সকলৰ মানসিক অন্তদন্দ লৈ এটা কবিতা

 সপোনৰ পম খেদি
পংকজ বৰুৱা

আমাৰ App টো Download কৰিবলৈ
Click Here


সপোনৰ পম খেদি ।। পংকজ বৰুৱা
সপোনৰ পম খেদি ।। পংকজ বৰুৱা



কোনেও ভবা নাছিল টলৌ টলৌকৈ ঘূৰি ফুৰা ফুকলীয়াতো এদিন পুৰুষ হ'
ক্ৰমাৎ বুঢ়া হৈ অহা দেউতাৰ ভাৰখন
 সি কান্ধত লব ,
সি যে এদিন ডেকা হ'|
মাৰ আচলত লুকাই থকা সি
মালৈ এখন চাদৰ আনিব, 
সি যে এতিয়া পুৰুষ হ'|

কোনেও ভবা নাছিল 
উদঙীয়া ল'ৰা টোৱে এদিন কব, 
চাকৰি এটাৰ বৰ প্ৰয়োজন ,
ইয়াতে কিবা এটা হলে ভাল, 
'হলে বাহিৰলৈকে গুচি যাম |
পিতাইৰ চন পৰা পথাৰখন

কিমান আৰু চাম |

তাইও ভবা নাছিল 
তাইক চাবলৈ দিনটো পদুলিত পৰ দিয়া ল'ৰাটো
বহুত দিন তাইক নেদেখাকৈ থাকিব |
সি কয় ,
জীৱনটোতো আৰু ভবাৰ দৰে নহয় |

কোনেও ভবা নাছিল বৰগছৰ 
চাঁত জিৰাই থকা ল'ৰাটো
নিজেই এদিন বৰগছ হ'|
কোনেও ভবা নাছিল
সি এখন ঘৰ সাজিব,
তাৰ ঘৰখন মজবুত হ'ব লাগিব, 
তাৰ বাবে সি ৰ', বৰষুণ, বতাহ একাকাৰ কৰিব লাগিব |

কোনেও ভবা নাছিল সিও এদিন দেউতাক হ'|
তাৰ কঠিন আঙুলিবোৰত ধৰি
খোজকাঢ়িবলৈ কোনোবা 
আশাৰে ৰৈ থাকিব |

কোনেও ভবা নাছিল 
এইবাৰ গাৱত বিহুৰ ঢোল নাবাজিব, 
এইবাৰ বিহুত সি ঘৰলৈ নাহিব |

যোৱাবাৰ বিহুত দিয়া
আইৰ চাদৰখন
এইবাৰ নতুন ন'হব 
এমাদিমা পোণাটোৰ 
মাকে পুৰনি কাপোৰৰ পেৰা খুচৰিব, 
তাৰ ঢোলৰ চাৱনিখন
এইবাৰ চোৱা ন'হব |


কোনেও ভবা নাই 
সি অহাৰ কথা
পিছে সি আহিব
শুকান চকুবোৰ ভৰুণ হ' 
কাৰোবাৰ বুকুৰ ঢপঢপনি
আৰু উজাগৰী নিশাবোৰৰ
ধাৰ সুজিবলৈ
সিটো আহিবই লাগিব |


সপোনৰ পম খেদি ।। পংকজ বৰুৱা । পুৰুষ সকলৰ মানসিক অন্তদন্দ লৈ এটা কবিতা  সপোনৰ পম খেদি ।। পংকজ বৰুৱা । পুৰুষ সকলৰ মানসিক অন্তদন্দ লৈ এটা কবিতা Reviewed by কবিতা মেজ on May 10, 2020 Rating: 5

No comments:

Powered by Blogger.