বাট Baat
বহু অৰণ্য দুৰৰ
পৰাহে ঘন
তোমাৰ পিছে অমাজান
কাটিব খুজিছিলো
সেয়ে এটা বাট
সকলো বাটকটীয়াই নাপায় বুলি জানিও
উভতি অহাৰ বাট
তোমাৰ মাজেৰে তোমাৰ বাবে
যি বাটেৰে তুমি যাব
পাৰা
দিনে নিশাই তোমালৈ
আহিব পাৰা তোমালৈ উভতি
মন গ'লেই
নধৰাকৈ কাৰোৰে হাতত
নোখোৱাকৈ উজুটি
নেলেখাকৈ খোজ
জানাইতো তুমি
এদিন বাট হেৰুৱাইছিলো
একেখন অৰণ্যতে মইও
বিচাৰি গৈ নিজক
পোৱা নাই যদিও নিজৰ
দিকবিদিক
উলিয়াব পৰা নাই আঁত
কাটিব খুজিছো তথাপি
তোমালৈ বুলি
সংশয়বিহীন ভয়বিহীন বিপদবিহীন
এটা বাট
ৰৈ নাথাকে যি বাটৰ
দুদাঁতিত
দিন দুপৰতে হেজাৰ
দুঠেঙীয়া শিয়ালৰ চকু
চুপ লৈ নাথাকে বাঘ
মানুহৰ ছাল উৰি জুপুহাৰ আঁৰত
কাৰণ
হ'ব নোৱাৰিলেও মই
তোমাৰ সেই বাটৰ গোপাল*
তোমাক কৰিব খুজিছিলো
এই মনাৰণ্যৰ অন্য এগৰাকী আনন্দি* !
টোকাঃ
* ভাৰতৰ পহিলা
মহিলা চিকিৎসক আনন্দি গোপালৰ স্বামী গোপাল ৰাও জোশী
* আনন্দি গোপাল
|
No comments: