এখন নদী,দলং,সুৰংগ ইত্যাদি... | সাগৰ | অসমীয়া কবিতা

 এখন নদী,দলং,সুৰংগ ইত্যাদি.....

সাগৰ


Assamese Poem

হঠাৎ প্ৰকট হয় এখন নদী
হঠাৎ সাজি পেলোৱা হয় এখন দলং

আৰু দুফাল কৰি বুকুৰ মাজুলি
পাৰ হৈ যায় এদল মানুহ

এৰা মানুহেই

নদীখনৰ সিটোপাৰ হৈ পৰে
স্বপ্নৰ এখনি নগৰ
হঠাৎ

এইবাৰ তো কথাই সুকীয়া
নদীখনৰ তলেৰে এটা সুৰংগ সজা হ'ব

সুৰংগৰে সিটো পাৰ ওলাবগৈ
আৰু এদল মানুহেই

নগৰ হৈ পৰা মাজুলিখন হৈ পৰিব স্বৰ্গ

ফুলি উঠিব পাৰিজাত
ৰাতি ফুলি ৰাতিতেই সৰি পৰা
সেই পাৰিজাত
হঠাৎ

হঠাৎ

হঠাৎ নদীখন শুকাই যাব
এইবাৰো

খহি পৰাৰ দৰেই যোৱাবাৰ দলংখন
এইবাৰ ভাঙি থাকিব সুৰংগটো

মাথো দুফাল কৰি থৈ যাব
প্ৰতিবাৰৰ দৰেই বুকুৰ মাজুলিখন

লগ হ'ব নোৱাৰাকৈ বহুদিনলৈ আমাক•••



এখন নদী,দলং,সুৰংগ ইত্যাদি... | সাগৰ | অসমীয়া কবিতা এখন নদী,দলং,সুৰংগ ইত্যাদি... | সাগৰ | অসমীয়া কবিতা Reviewed by কবিতা মেজ on September 13, 2020 Rating: 5

No comments:

Powered by Blogger.