ভাগৰুৱা পথিক || মণি গোস্বামী | Assamese Poem

Axomiya Kobita
ভাগৰুৱা পথিক


ভাগৰুৱা পথিক

মণি গোস্বামী


হেৰৌ ভাগৰুৱা পথিক

আৰু নো কিমান বাটকুৰি বাৱ

কান্ধত দুভাৰ মেটমৰা বোজা

                           থৰক বৰক খোজেৰে

                          কিমান নো পোনাৱ বাট।

সৌ ধূলিয়ৰি  আলিটোৰ শিপাৰে

 উদং পথাৰখনত ছাঁ দি থকা

 বুঢ়া শিমলু জোপাৰ তলতে

খন্তেক  জিৰনি লচোন !

             খৰকৈ উশাহ লৈছ দেখোন!

             তৃষ্ণাতুৰ কণ্ঠত ঢালি দিওঁ

             এপিয়লা সোমৰস

             আহচোন আহ  !

            এবাৰ  আলফুলে  ফুৰাও হাত

            তোৰ ৰূপোৱালী সুতাৰে বন্ধা

            তাম বৰনীয়া খোলাটোত ।

পৰিছেনে  শাত শীৰ্ণ দেহটো

হেৰৌ বাটৰুৱা ___

তই দেখোন মোৰ কোলাতে ঢলি পৰিলি।

 দু চকুৰে লোটক বাগৰিছে!

কেচা ঘামত তিতি থকা চোলা টোও

কেচেম কেচেম গোন্ধাইছে।

সৰাপাতে আৱৰা শুকান বননি খনিত !

আলফুলে শুৱাই দিওঁ  খহতা  হাতেৰে

শুই থাক শান্তিৰে ধৰিত্ৰীৰ কোলাত।

তোক যে দিবলৈ "একোৱে নাই !

             দুচকুৰে টোপা টোপে সৰিছে লোটক

             কপা কপা হাতেৰে যাছিলোঁ অঞ্জলি।

             বুকুৰ মাজত মই দিয়া তেজৰঙী

             কাইটীয়া  গোলাপ ফুল পাহ

             ৰাখিবি অতি সজতনে।


ভাগৰুৱা পথিক || মণি গোস্বামী | Assamese Poem ভাগৰুৱা পথিক || মণি গোস্বামী | Assamese Poem Reviewed by কবিতা মেজ on February 15, 2021 Rating: 5

No comments:

Powered by Blogger.