সপোন - Dream | An Assamese Poetry by কাজি শ্বাহাদত ইছলাম । Assamese Poem

Assamese Poem

সপোন পুহিছিলোঁ,,
সূৰুযক মুষ্টিবদ্ধ কৰাৰ....
সপোন ৰচিছিলোঁ জিলমিল তৰাৰে
নিখুঁত মালা গাঁথি নিজকে সুসজ্জিত
কৰাৰ....
কিন্তু সপোন বোৰ বিক্ৰী হৈ গ'ল
নিয়তিৰ অৰ্থহীন বজাৰত।।
আমিতো দুখীয়া মানুহ !!
ভবাই নাছিলোঁ সপোনৰো এটা সীমা
থাকে,,
সীমা অতিক্ৰম কৰিলেই
অশ্ৰু অথবা ৰক্তেৰে কৰ পৰিশোধ
কৰিব লাগে ।।
আচলতে সপোন শব্দটো
চিৰ নিষিদ্ধ আমাৰ পজাত !!
কেতিয়াবা যদি কোনোবা
প্ৰতিবাদীয়ে
সপোন প্ৰসৱ কৰে,,
নাৱালক সেই সপোনক ডিঙি চেপি হত্যা
কৰা হয় !!
বিশ্বাস নহ'লে চাই যাবা...
আমাৰ চৌপাশৰ নৰ্দমাত মাথোঁ
পূৰঠ অথবা ডাহেচীয়া সপোনবোৰৰ মৃতদেহ
!!
আমি ভাই ডবল ষ্টাণ্ডাৰ্ট সমাজৰ
সূতাৰে বন্ধা পুতলা....
আমাৰ নিয়ন্ত্ৰনত নিয়োজিত আছে
আধুনিকতাৰ পৰশ নোপোৱা
কিছু মানুহ সদৃশ প্ৰাণী !!
ইহঁত মিঠাই নিজে খায় যদিও
আনে খালে হে জগৰ....
আমাৰ আৱেগ-অনুভূতি,আশা-আকাংক্ষাক
প্ৰতিবাৰেই গচকি সততাৰ চাং পাতে,,
ইহঁত যেন কাবাডী খেলৰ বিপৰীত পক্ষ
হে ।।
এতিয়া মুক্ত সমীৰত উশাহ লোৱাৰ
বৰ প্ৰয়োজন আমাৰ...
পাম নে সেই সুযোগ ??
হ'ব নে মুক্তি আমাৰ ??
=======================≠==========

আপোনালোকৰ ব্লগত মোৰ সামান্য অনুভৱক স্থান দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।
ReplyDeleteধন্যবাদ...। আচলতে আমি সকলোৱে এক প্ৰচেষ্টাহে কৰিছো, যাতে অসমীয়া কাব্যসাহিত্য জিলিকি থাকে।
Delete