স্বপ্ন দেখাৰ গৌৰৱ || কালীন্দ্ৰ কুমাৰ দাস || An Assamese Poem
প্ৰিয়তম স্বপ্নৰ দৌৰত
অবান্তৰ অবাস্থৱতা
অসম্ভৱ আদি
শব্দৰ মিচিল নহয় ।
সৰু সৰু আঘাতৰ টুকুৰা লৈ
চূৰ্ণ-বিচূৰ্ণ স্বপ্নৰ কাচ
টুকুৰাৰে
ভগ্ন স্বপ্নৰ একোটা
সৰু সৰু টুকুৰা বুটলি লৈ
পুনশ্চঃ স্বপ্নৰ অন্বেষণত বাট বুটলিবলৈ
অজেয় মানুহ ৰূপান্তৰিত হয়
মূৰ্ত্ত প্ৰতীকী লৈ।
🔴আমাৰ অনুস্থানটিৰ বিজ্ঞাপনঃ-
আবৃত্তি মঞ্চ
‘অসমীয়া কবিতা’ ৰ এক
নতুন প্ৰয়াস আৰু প্ৰচেষ্টাৰে আপোনালোকৰ বাবে
আমি লৈ আহিছো আবৃত্তি মঞ্চ। য’ত
আপোনালোকে আমালৈ
পঠিয়াব পাৰিব আপোনালোকৰ ভাল লগা কবিতা সমূহৰ আবৃত্তিৰ ভিডিও
আৰু আমি আপোনালোকৰ
ভিডিও সমূহ আমাৰ ইউটিউব চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিম।
গতিকে আমি আশা কৰিছো প্ৰথম পৰ্য্যায়ৰ ভিডিও সমূহ
২০ আগষ্ট ২০২১ চনৰ ভিতৰত আমালৈ প্ৰেৰণ কৰে যেন।
নিয়মাৱলী
১/ভিডিও সমূহ সংযত আৰু
মাৰ্জিত হোৱা প্ৰয়োজন
২/ভিডিওটোত আপোনাৰ নামৰ বাহিৰে আপোনাৰ পৰিচয়ৰ
অন্য কোনোধৰণৰ তথ্য যেন নিদিয়ে
৩/নকল বা চুৰি
কোনোপধ্যে
গ্ৰহণযোগ্য নহ’ব
আমাৰ যোগাযোগৰ ঠিকনাঃ-
E mail:-
axomiyakobita15@gmail.com
WhatsApp +91 9957342080
স্বপ্নৰ অন্বেষণ বাটত
খোজ পেলাবলৈ
তুমি তেওঁ মই
প্ৰতিবন্ধক প্ৰতিকুল পৰিস্থিতিত
কন্টকাকীৰ্ণ প্ৰত্যাহ্বান উন্মোচন
নকৰিলে
ৰহস্যই পোখাঁ নেমেলে ।
অবাস্তৱ স্বপ্ন দলিচাত
পাৰাপাৰহীন জলৰাশিৰ
ভয়ংকৰ ঢৌ নুঠিলে বা
ধুমুহা ন-বলিলে
মহাসাগৰৰ দিগন্তৰ সীমা বিচৰাৰ
সাহসী মৰ্যাদা ক'ত পাবা ;
নতুবা আকাশৰ অন্য গ্ৰহত সেউজ
বাসস্থানৰ দুৰন্ত স্বপ্ন বিলাসৰ
মাদকতাই বা ক'ত বিচাৰিবা।
হয় জীৱন বোধৰ দিনৰে পৰা
প্ৰত্যকৰ জীৱনলে' একোটি
স্বপ্নই গজাঁলি মেলে আৰু সুন্দৰ এটা
স্বপ্ন নিৰ্বাচিত হয় জীৱনলে'
সেই স্বপ্নত অৰ্থলগাই আমি
সঁপি দিও আমাৰ সৰ্বস্ব ।
স্বপ্ন দেখাৰ গৌৰৱত তুমি
গৌৰৱান্বিত হবলৈ হলে
দুহাত মেলি তুমি
ৰৌদ্ৰোজ্জ্বল আকাশক সাক্ষী কৰি
উন্মেষ কৰিব লাগিব
উন্মোচন কৰিব লগিব
প্ৰত্যকে একো একোটা
স্বপ্ন পুলি
সপোন সেউজীয়া গজাঁলি।
No comments: