শ্বহীদৰ তেজেৰে ফাকু নেখেলিবা, বন্ধু! An Assamese Poem by নাছিৰ আহমেদ

 শ্বহীদৰ তেজেৰে ফাকু নেখেলিবা, বন্ধু!


নাছিৰ আহমেদ

www.axomiyakobita.in


শ্বহীদৰ তেজেৰে ফাকু নেখেলিবা, বন্ধু!

ইতিহাসৰ পাত লুটিয়াই চালেই বুজিবা

হেজাৰ হেজাৰ শ্বহীদৰ তেজৰ বিনিময়ত,

লাখ লাখ নিৰীহ জনতাৰ বিনিময়ত

এক সাগৰ ৰক্ত বোঁৱাই দি

আমি দেশৰ স্বাধীনতা লাভ কৰিছোঁ ।

এদিন ইংৰাজৰ বিৰুদ্ধে গৰজি উঠিছিল

বঙ্গ-বিহাৰ-উৰিষ্যাৰ নবাব চিৰাজদ্দৌলা,

মনিপুৰৰ বীৰ সেনানী টিকেন্দ্ৰজিৎ।

ইয়াণ্ডাবু সন্ধিত দখলদাৰ ইংৰাজৰ ষড়যন্ত্ৰৰ গোন্ধ পাই

ৰণত জপিয়াই পৰিছিল গোমধৰ কোঁৱৰ,পিয়লি ফুকন।

আৰম্ভ হ'ল প্ৰথম স্বাধীনতাৰ যুদ্ধ, চিপাহী বিদ্ৰোহ

মোগলৰ শেষ সম্ৰাট বাহাদুৰ শ্বাহৰ সবল নেতৃত্বত

খোলা তৰোৱাল লৈ ৰণাংগনত নামি পৰিল

ঝান্সীৰ ৰানী লক্ষ্মীবাই আৰু মঙ্গল পাণ্ডে ।

ইণ্ডিয়া এক্টৰ বিৰুদ্ধে পাৰ্লিয়ামেন্টত বোমা পেলাই প্ৰতিবাদ কৰিলে ভগৎ সিং বজ্ৰ নিনাদ ভাষাৰে----

" ইয়ে আজাদী ঝুঠা হ্যায় "

আজাদ হিন্দ ফৌজৰ " দিল্লী চলো অভিযান" ত

ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি থৰথৰকৈ কঁপি উঠিল ।

সুভাষ বসুৱে চিৎকাৰ কৰি উঠিল-----

" Give me blood,I give you freedom'

"ভাৰত ত্যাগ" আন্দোলনত সক্ৰিয় হৈ পৰিল

দেশৰ লাখ লাখ জনতা , মুখত এটাই মাথোঁ মহামন্ত্ৰ " Do or die"  মৰেঙ্গে য়া মাৰেঙ্গে ।

কুশল কোঁৱৰ ফাঁচিকাঠত ওলমিল,

গহপুৰ থানাত কনকলতাই পুলিচৰ গুলীত শ্বহীদ হ'ল।

বিদ্ৰোহী কবি কাজি নজৰুল ইছলামে কবিতা আৰু গানেৰে জাতিৰ বুকুত বিদ্ৰোহৰ জুই জ্বলাই দিলে 

"কাৰাৰ ঐ লৌহ কপাট, ভেঙে ফেল কৰ ৰে লোপাট " 

" দুৰ্গম গিৰী ,কান্তাৰ মৰু, দুস্তৰ পাৰাপাৰ

লঙ্ঘীতে হবে ৰাত্ৰি নিশীথে ,যাত্ৰীৰা হুশিয়াৰ ! "

ইতিহাসৰ পাত লুটিয়াই চালেই বুজিবা

এনেকৈ হাজাৰ হাজাৰ শ্বহীদৰ তেজৰ বিনিময়ত

লাখ লাখ নিৰীহ জনতাৰ ত্যাগৰ বিনিময়ত

এক সাগৰ ৰক্ত বোঁৱাই দি

আমি দেশৰ স্বাধীনতা লাভ কৰিছোঁ ;

এইখন দেশ আমাৰ মহান দেশ

সাৰ্বভৌম, গণতান্ত্ৰিক, ধৰ্ম-নিৰপেক্ষসমাজতান্ত্ৰিক ভাৰতবৰ্ষ।

জাতীয় বাদী উৰ্দু কবি ইকবালৰ ভাষাত              

"সাৰে  জাহাসে আচ্ছা হিন্দুস্তা হমাৰা "

এই শ্বহীদৰ তেজেৰে ফাকু নেখেলিবা, বন্ধু!

বিনষ্ট নকৰিবা শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ  ;

সমাজত ৰোপন নকৰিবা সাম্প্ৰদায়িকতাৰ বীজ,

নিষ্ঠুৰ আঘাত হানি ধ্বংস নকৰিবা দেশৰ অখণ্ডতা

এইখন দেশ আমাৰ মহান দেশ!

ইয়াত জীয়াই থকাৰ আছে আমাৰ পূৰ্ণ অধিকাৰ।

কুটিল ৰাজনীতিৰ চাকনৈয়াত পৰি

আজি আমি খাদ্য-হীন, বস্ত্ৰ-হীন, আশ্ৰয়হীন, সংস্থানহীন এক অসহায়, দুৰ্বল, নিঃস্ব যাযাবৰ !



আৰু কিমান খেলিবা, আৰু কিমান খেলিবা ?              

তোমাৰ ক'লা হাতেৰে বিষাক্ত, ধ্বংসাত্মক খেলা ?

আৰু শ্বহীদৰ তেজেৰে ফাকু নেখেলিবা, বন্ধু !

আমাক তৃপ্তিৰে উশাহ-নিশাহ লৈ জীয়াই থাকিব দিয়া,

আমাক পূৰ্ণ মৰ্যাদাৰে জীয়াই থাকিব দিয়া !

.........................................................

শ্বহীদৰ তেজেৰে ফাকু নেখেলিবা, বন্ধু! An Assamese Poem by নাছিৰ আহমেদ শ্বহীদৰ তেজেৰে ফাকু নেখেলিবা, বন্ধু! An Assamese Poem by নাছিৰ আহমেদ Reviewed by কবিতা মেজ on December 05, 2021 Rating: 5

No comments:

Powered by Blogger.