অসীমত লীন হোৱা তৃষা









জাহাজখন পূৰ্ণ গতিত চলি আছে
মই নাবিক..
সকলো মোৰ আয়ত্তত।


বতাহ আৰু বতাহ..
জাহাজ আগবাঢ়িছে,
চুলিতাৰী আজিও খুলি দিছো।



জাহাজে ফালি নিয়া ঢৌবোৰত
ঝৰ্ঝৰ শব্দ..
প্ৰতিশব্দৰ প্ৰতিফলনত
তোমাৰ অনুৰণন-
তুমি দিয়া সাগৰখন শুকোৱা নাই।
মনত আছেনে
সাগৰৰ নিৰৱতাত যেতিয়া
আমাৰ নাওখন মেলিছিলো..
তোমাৰ হাতত বঠা আছিল
আৰু মই
চুলিতাৰী বতাহত মেলি দিছিলো..
নিচিন্ত মনে তোমাৰ সৈতে..
আগবাঢ়ি গৈয়েই আছিলো..
অজানিতে অহা ধুমুহাজাকে
মোক বহুত কথাই শিকাই গৈছিল সেইদিনা।



চোৱা...
আজি মই জাহাজ চলাইছো
বহুতো ধুমুহা অনায়াসে পাৰ কৰিছো।

তোমালৈ অশেষ ধন্যবাদ,
তোমাৰ বাবেই পাৰিছো
আগলৈয়ো পাৰিম.. কথা দিছো।





=========<<<<>>>>===========

অসীমত লীন হোৱা তৃষা অসীমত লীন হোৱা তৃষা Reviewed by কবিতা মেজ on July 10, 2019 Rating: 5

No comments:

Powered by Blogger.