আন্ধাৰৰ হাহাকাৰ


অমূল্য বৰুৱা

আন্ধাৰৰ হাহাকাৰ
হেমন্তৰ সেমেকা সন্ধিয়া
পশ্চিমৰ আকাশৰ এক প্ৰান্তৰত জ্বলা
শেষৰ পোহৰে চুমে
কোলাহল ধৰণীৰ মৌন অন্ধকাৰ৷
শীতল পৰশ পাওঁ পাওঁ
পাত-সৰা গছবোৰ
পৃথিৱীৰ ওপৰত থিয় হৈ
হা হতোস্মিৰ সুৰে আৰ্ত্তনাদ কৰি
প্ৰকাশিছে অন্তৰত গভীৰ হতাশা ৷
সিহঁতৰ হতস্তম্ভ জীৱনৰ কৰুণ ট্ৰেজেডি;
দুদিন পিছতে যেন মৃত্যুৰ কৰাল গ্ৰাসে ধৰিব আৱৰি৷
আকাশৰ পূব প্ৰান্তৰত
কিবা এটা চাঞ্চল্যৰ মৃদুল স্পন্দন,
জীৱন-সৃষ্টিৰ এটা নতুন উল্লাস!
নীলিম আকাশ
দূৰ-দূৰান্তৰ জিনি নীলা ৰং ঢলা ৷
তাৰ মাজে মাজে
ইপিনে সিপিনে
এটুকুৰা দুটুকুৰা ছিগা-ভগা ক'লা ডাৱৰৰ
শক্তিহীন চাব৷
অদূৰতে ডাৱৰৰ অলপ পিছতে
আঁৰ লই লই জলে ৰূপালী জ্যোতিৰ শিখা-
জনহীন প্ৰান্তৰৰ
দেশহীনমাটিহীন
শূন্যৰ কোলাত উঠা
নৱমীৰ নতুন জোনটো ৷
হাঁহি হাঁহি পাৰ ভাঙি ঢালি দিব খোজে তাৰ
জোনাকৰ ঢল৷
তলৰ পৃথিৱী হয়
অলপ পোহৰ ৷



বি দ্ৰ ঃ- কবিতাটোত অজানিতে কিছু শব্দৰ বানান ভূল হৈছে গতিকে আপোনালোকে আমাক বানান ভূল হৈ থকা শব্দবোৰ চিনাক্ত কৰি দিব 

আন্ধাৰৰ হাহাকাৰ আন্ধাৰৰ হাহাকাৰ Reviewed by কবিতা মেজ on April 02, 2020 Rating: 5

1 comment:

  1. The greatest bookmakers additionally supply reside betting, where have 우리카지노 the ability to|you possibly can} wager on games as they take place. Our last benchmark in the course of the analysis was mobile compatibility. All the casinos listed above are mobile-friendly, providing users an amazing gambling experience on the go. BetOnline offers an entirely totally different web site on cellphones and tablets. Although there isn’t a dedicated app, you’ll have access to all the options you want whereas betting on the go.

    ReplyDelete

Powered by Blogger.