অভিসাৰিকাৰ ক্ষুধাৰ তাড়না || অনন্ত কুমাৰ ভুঞা | An Assamese Poem Abhikharikar Khudhar Tadrona By Ananta Kumar Bhuyan
অভিসাৰিকাৰ ক্ষুধাৰ তাড়না
![]() |
অভিসাৰিকাৰ ক্ষুধাৰ তাড়না |
========================
দিন বাগৰিল
সময়ো বহু অতীত হল,
ঘৰ খন একেবাৰে পাহৰিলোঁ,
পিতৃ মাতৃ আজি অচিনাকি হ'ল।
দৰিদ্ৰ পিতৃয়ে
দুসাজ আহাৰ যোগাৰ দিব পৰা নাছিল,
পিন্ধাব পৰা নাছিল এসাঁজ কাপোৰ ।
কৈশোৰ পাৰ হৈ যৌৱনৰ
কোনোবা এটা দিনত
এক অনিশ্চিত ভবিষ্যত আগত লৈ
ওপজা ঘৰ খন
খঙত আৰু ক্ষোভত
অক্ষম পিতৃক গালি পাৰি
চিৰ দিনৰ বাবে এৰি আহিলোঁ।
আজি মই সুখী,
কোনো দিনা চিনি নোপোৱা ,
ৰেড লাইন এৰিয়াৰ বাসিন্দা,
ইয়াতে আছে মোৰ জীৱিকা ।
ৰঙীন লিপষ্টিক ওঠত,
উগ্ৰ সুগন্ধী গোন্ধ পোছাকত ,
গ্ৰাহকক আকৰ্ষণৰ কৰাৰ এইয়া মন্ত্ৰ ।
ওঠত কৃত্ৰিম হাঁহি ,
মুখত মিঠা মিঠা শব্দ আমাৰ,
প্ৰশিক্ষনত ইয়াকে শিকাইছিল ।
এইয়া নিষিদ্ধ ৰেড লাইন এৰিয়া
আমাৰ অনুমতি পত্ৰ আছে ,
লাইচেন্স বুলি কয় ,
পইচাৰ বিনিময়ত যৌৱন বিক্ৰি হয় ।
এইয়া বৈধ অভিসাৰ ,
জীয়া মানুহৰ আনন্দ মেলা ।
আমাৰ জীৱিকা আমি যৌন কৰ্ম্মী ,
জীয়াই থকাৰ মমতাৰ ব্যৱসায় ।
আমাৰো সুখ দুখ অনুভৱ আছে,
আমিও তেজ মঙৰ মানুহ ।
আজি দেশ
লক ডাউন হৈ আছে ,
কোনেও খৱৰ লোৱা নাই
আমি কিমান অসুবিধাত আছোঁ
লঘোনটো দিন কটাইছোঁ।
কোনেও বাতৰি লোৱা নাই,
লাইচেন্স থকা আভিসাৰিকা আমি,
আজি উপাৰ্জ্জন শূণ্য !
আমি অন্ধ গলিৰ বাসিন্দা ,
কোনেও ভিক্ষা দিবলৈ নাহে
দুখৰ সমভাগি নহয় ।
আমাক দেখিলে থু পেলাই ,
ঘৃণা কৰে বেশ্যা অভিসাৰিকা বুলি হাঁহে,
সমাজ নষ্ট কৰাৰ নায়িকা আমি !
সৰু বৰ সকলো মানুহ আহে,
কামনাৰ তৃপ্তি লয় ,
বিনিময়ত আমি জীয়াই থকাৰ বাবে
কেইটামান টকা উপাৰ্জ্জন কৰোঁ।
========================
দিন বাগৰিল
সময়ো বহু অতীত হল,
ঘৰ খন একেবাৰে পাহৰিলোঁ,
পিতৃ মাতৃ আজি অচিনাকি হ'ল।
দৰিদ্ৰ পিতৃয়ে
দুসাজ আহাৰ যোগাৰ দিব পৰা নাছিল,
পিন্ধাব পৰা নাছিল এসাঁজ কাপোৰ ।
কৈশোৰ পাৰ হৈ যৌৱনৰ
কোনোবা এটা দিনত
এক অনিশ্চিত ভবিষ্যত আগত লৈ
ওপজা ঘৰ খন
খঙত আৰু ক্ষোভত
অক্ষম পিতৃক গালি পাৰি
চিৰ দিনৰ বাবে এৰি আহিলোঁ।
আজি মই সুখী,
কোনো দিনা চিনি নোপোৱা ,
ৰেড লাইন এৰিয়াৰ বাসিন্দা,
ইয়াতে আছে মোৰ জীৱিকা ।
ৰঙীন লিপষ্টিক ওঠত,
উগ্ৰ সুগন্ধী গোন্ধ পোছাকত ,
গ্ৰাহকক আকৰ্ষণৰ কৰাৰ এইয়া মন্ত্ৰ ।
ওঠত কৃত্ৰিম হাঁহি ,
মুখত মিঠা মিঠা শব্দ আমাৰ,
প্ৰশিক্ষনত ইয়াকে শিকাইছিল ।
এইয়া নিষিদ্ধ ৰেড লাইন এৰিয়া
আমাৰ অনুমতি পত্ৰ আছে ,
লাইচেন্স বুলি কয় ,
পইচাৰ বিনিময়ত যৌৱন বিক্ৰি হয় ।
এইয়া বৈধ অভিসাৰ ,
জীয়া মানুহৰ আনন্দ মেলা ।
আমাৰ জীৱিকা আমি যৌন কৰ্ম্মী ,
জীয়াই থকাৰ মমতাৰ ব্যৱসায় ।
আমাৰো সুখ দুখ অনুভৱ আছে,
আমিও তেজ মঙৰ মানুহ ।
আজি দেশ
লক ডাউন হৈ আছে ,
কোনেও খৱৰ লোৱা নাই
আমি কিমান অসুবিধাত আছোঁ
লঘোনটো দিন কটাইছোঁ।
কোনেও বাতৰি লোৱা নাই,
লাইচেন্স থকা আভিসাৰিকা আমি,
আজি উপাৰ্জ্জন শূণ্য !
আমি অন্ধ গলিৰ বাসিন্দা ,
কোনেও ভিক্ষা দিবলৈ নাহে
দুখৰ সমভাগি নহয় ।
আমাক দেখিলে থু পেলাই ,
ঘৃণা কৰে বেশ্যা অভিসাৰিকা বুলি হাঁহে,
সমাজ নষ্ট কৰাৰ নায়িকা আমি !
সৰু বৰ সকলো মানুহ আহে,
কামনাৰ তৃপ্তি লয় ,
বিনিময়ত আমি জীয়াই থকাৰ বাবে
কেইটামান টকা উপাৰ্জ্জন কৰোঁ।
========================
অভিসাৰিকাৰ ক্ষুধাৰ তাড়না || অনন্ত কুমাৰ ভুঞা | An Assamese Poem Abhikharikar Khudhar Tadrona By Ananta Kumar Bhuyan
Reviewed by কবিতা মেজ
on
April 25, 2020
Rating:

No comments: