কৃষ্ণ


কৃষ্ণ








মাত ফুটাৰ আগতে
কলকলাই মাটিত বগাওঁতে
ককা-আইতাই ক'বলৈ শিকাইছিল-কৃষ্ণ
অংগী-ভংগীৰে পিছলৈ কৈছিলো-
কিথ্-ন, কিত্-ন
স্মৃতি ধৰি ৰখা মগজুৰ অংশটো
তেতিয়ালৈ হয়তো সক্ৰিয় হোৱাই নাছিল
মোৰ এই কিথ্-ন পুৰাণ
এতিয়া মা'ৰ মুখৰ গান
কৃষ্ণ
এই শক্তিময় শব্দই
আমাৰ ঘৰখন
আমাৰ জীৱন আৰু কৰ্তব্যত
সম্পৃক্ত হৈ আছে
ঘৰখনত
পুৱা গধূলি কৃষ্ণ
সমুখত সাপ ওলালেও-কৃষ্ণ
সমুখত এচপৰা সোণ পালেও -কৃষ্ণ
সুখ-আনন্দতো - কৃষ্ণ
দুখ-দুৰ্দশাতো - কৃষ্ণ
ঘৰ এখনত
শিশু এটাক ভাল হ'বলৈ শিকোৱা পাঠত
অভিৰোচন অনুভৱ - কৃষ্ণ
ভাব-ভক্তি
নম্ৰ-বিনয়ী হোৱাৰ
অনেক পাঠত উৎসাহ- কৃষ্ণ।
জ্ঞান হোৱা দিনৰে পৰা
বুকুৰ মাজতে আছে
এই অনুভৱী শব্দ
জীৱনক জী-ৰখাৰ ছন্দ
ঈশ্বৰ ভগৱানৰ ধাৰণা সুকীয়া
কৃষ্ণ অনুভৱৰ মাদকতা প্ৰাঞ্জল অমিয়া


কৃষ্ণ
এই শব্দ
মনৰ অনন্য শক্তি
জীৱনৰ কৰ্তব্যৰ উদ্যম
জীৱনক চোৱাৰ সাহস
জীয়াই থকাৰ প্ৰেৰণা



কৃষ্ণ
এই অনুভৱ
ৰিপুক নিয়ন্ত্ৰণ কৰাৰ বৈভৱ
ভ্ৰান্তি দৃষ্টিৰ প্ৰগলভ আত্মকথন
প্ৰায়শ্চিত্ত প্ৰাপ্তিৰ অমোঘ মন্ত্ৰ
কৃষ্ণ। ঈশ্বৰ । আল্লা। ভগৱান।
যি নামেৰেই নামাতক
উপাস্য গুৰু হওক বা নহওক
অস্তিত্ব থাকক বা নাথাকক
এনে শব্দই
এনে অনুভৱে
শক্তি দিয়ে
চেতনা দিয়ে
শান্তি দিয়ে
মানুহক অসুৰ নকৰি
সঁচা মানুহ কৰে
কৃষ্ণ
কেৱল এটা শব্দ নহয়
কৃষ্ণ জীৱনৰ আত্মা
জীৱনক আগুৱাই নিয়াৰ
এক চালিকাশক্তি
মোৰ বাবে কৃষ্ণ
উশাহ নিশাহৰ দৰেই
ছাঁ-টোৰ দৰেই
মনৰ ভিতৰৰ মোৰ মাতটোৰ দৰেই
কৃষ্ণ
মোৰ বাবে ভগৱান নহয়
কৃষ্ণ মোৰ সখা
জীৱন ৰণত যেন মই
ধনুৰ্ধৰ অৰ্জুন
সখা কৃষ্ণ মোৰ জীৱন ৰথৰ চালক
সুখেই হওক
বা দুখেই হওক
এই অনুভৱ উচ্চাৰেণেৰে
সাহস পাওঁ
আগুৱাই যাওঁ

জীৱনৰ খোজে খোজে
সাৰথি সখা কৃষ্ণ
পৱিত্ৰ অনুভৱেৰে
আপোন সাহসী উচ্চাৰণ
কৃষ্ণ ! কৃষ্ণ !!






কৃষ্ণ কৃষ্ণ Reviewed by কবিতা মেজ on April 16, 2020 Rating: 5

No comments:

Powered by Blogger.