গান্ধাৰী
ডঃ নিৰ্মলপ্ৰভা বৰদলৈ

অবিঘ্নিত মই এক
দুৰ্গেয় প্ৰতিজ্ঞা
নাৰী মই
তথাপি নহওঁ নাৰী
সেই নাৰী মনৰ আকাশে যাৰ
ক্ষণে ক্ষণে বৰণ সলায়।
প্ৰেমিকা........
তথাপি নহওঁ প্ৰেমিকা
সেই অৰ্থত অন্ধ স্বামীৰ বাবে দৃষ্টিক যি অৱৰুদ্ধ কৰে।
ধাকি ধৰিছিলোঁ মই সূদীৰ্ঘ বছৰ ব্যাপি
মোৰ দুনয়ন দৃষ্টিভ্ৰম নহ’বৰ বাবে...
মই এক
অব্যয় বিস্ময়......
সাধাৰণ মাতৃত্বৰ পৰা
কিযে এক ব্যতিক্ৰম মই!!!
কুৰুক্ষেত্ৰৰ এই ৰক্তিম তমসাচন্ন শ্মসানৰ প্ৰান্তৰত থিয় দি
চাইছো মই নিজৰ স্বৰূপ।
মাতৃ হ’লো সন্তানৰ
তথাপি নহ’লো মাতৃ
নিজৰ জীৱন যি আগুৱাই দি
অধিৰাবাউলি হৈ
কৰে তন্ময় প্ৰাৰ্থনা পুত্ৰৰ কল্যানৰ বাবে।
মইটো নহওঁ মাতৃ.... মোৰটো সন্তান নাই....
এশ পুত্ৰ...!!!
সি এক হাঁহি উঠা কথা!!!
এশ দুঃস্বপ্নৰ সি যে এক কাল আবিৰ্ভাৱ
সুখৰ স্বপ্নৰ বাবে নিমিলিত কৰোতে নয়ন।
যাৰ মাতৃত্বৰ অধিকাৰ নাই!! দাবি নাই !!
কেনেকৈ হ’ব পাৰে মাতৃ তেওঁৰ নাম?
মাত্ৰ মই ৰাজমাতা, ৰাজবধো, ৰজাৰ গৃ্হিনী
হায়!! মাতৃ !!!
কিযে এক প্ৰশান্ত সমাসিত সুবধিৰ বিদ্যুতবৰণীয় অৰ্থ।
মাতৃ.. দুটা শব্দ..
যেন এক সুশীতল গভীৰ সাগৰ।
বুকুত যাৰ অনন্ত আকাশ, আৰু নিশ্চিত প্ৰত্যয়
য’ত হেজাৰ ঢৌৱে পায়
যেন পৰম আশ্ৰয়।
কত শত অসংখ্যাত ছাঁয়া ভৰা কোটিৰে কোটিৰে
ৰুদ্ৰময় একোখনি স্নেহৰ সাম্ৰাজ্যত
একছত্ৰী সম্ৰ্যাজ্ঞী স্বৰূপে
মাতৃ অধিস্থিত।
য’ত সন্ধিয়া সন্ধিয়া তুলসীৰ তলত কপে
মাতৃৰ মৰম...
সন্তানৰ শীৰত সৰে স্নেহৰ পাপৰি
আচলৰ প্ৰাচীৰত ঠেকা খাই গুচি যায়
বিভীষিকাভয়
মাতৃৰ মায়া সনা মিঠা মাত
য’ত হয় সন্তানৰ তীক্ষ্ন বাকযুঁজ...।
সেইটো ঘৰ হয় মিঠা আকাংক্ষাৰ
মোৰ সেই ঘৰ...
সেই ঘৰ ক’ত?
হায়! মই যেন নহ’লো মাতৃ সেই অৰ্থত।
কিন্তু...
মোৰ এই বেদনাৰ কিটো অৰ্থ আছে...?
হস্তিনাপুৰৰ মই ৰাজবধো হোৱাৰ পূৰ্বেই
এক পুত্ৰই জৰায়ুত সংগোপনে ল’লে
আহি ঠাই...
অজানি সম্ভৱ সেই পুত্ৰ এয়া আছে মোৰেই বুকুত
এক পুত্ৰ এক আৰু অদ্বিতীয়..
ধৰ্ম তাৰ নাম।
তেন্তে...
তেন্তে দুখ কিয়?
ঘৰত জ্বলিছে মোৰ
এশখন চিতাৰ জুই
এশখন কপালত শ্মাশানৰ মহা পুণ্যতা..
কিন্তু!!!
চিতাৰ কুকুহাই আজি পৰা নাই জ্বলাব
ৰিক্ত এই এখনি পথাৰ
শুকান দুচকু মোৰ
তাত মাথো জ্বলি আছে
এগচি পোহৰ অমাৱশ্যাৰ গভীৰ নিশাত জ্বলি থকা
তৰাটোৰ দৰে
চাৰিওকাষৰ এই ভয়াৱহ অন্ধকাৰ..
কিদৰে আনিছে নাশি
অন্তশলীলা এক দুৰ্জয় পোহৰে
এই দৃশ্য দেখিবৰ বাবে
গান্ধাৰী
Reviewed by কবিতা মেজ
on
April 16, 2020
Rating:

No comments: