![]() |
অসমীয়া কবিতা |
এযুৰি চকুৰ সন্ধানত
সেই যুৰি চকুৰ অবৰ্তমানত
আজিও মোৰ মনে নিৰলে
হাহাঁকাৰ কৰে ।
পামনে দেখা কোনোবা দিনা
সেউজ বুলীয়া সতেজ চকুযুৰি
যাৰ চাৱনিয়ে মোক ৰাখিছিল আগুৰি ।
কত কেতিয়া কেনি যাম মই
উমান আগতেই পাইছিল তাই
ওলাই যোৱাৰ বাটত আগেয়ে
তাই হাজিৰ হব হেঙাৰৰ দৰে
কোঁচত লৈ মৰম নিদিয়ালৈকে
বাট এৰি নিদিছিলে ।
একমাত্ৰ সন্তান ছোৱালীজনী উলিয়াই দিয়াৰ পিছত নিমাওমাও আমাৰ
সংসাৰলৈ
তাইয়েইতো খালী ঠাই খিনি
চেষ্টা কৰিছিল পূৰাবলৈ ।
আমিও দূজনে তাইক লৈয়েই
অতি ব্যস্ত হৈ পৰিলোঁ ।
সময় মতে খাবলে,শুবলে,
ফুৰাবলে আটাইবোৰ কাম অৱশ্যে মাকে কৰিছিলে ।
মোৰ ভাগত পৰিছিলে
তাইৰ চিকিৎসা তথা
বাহিৰত ফুৰোৱা ।
সেই মতে তাইৰ কাম অাছিলে
সময়ত কামবোৰ কৰিবলে
মনত পেলাই দিয়া ।
স্কুলৰ পৰা অাহি পোৱা পৰত
পদূলিত ৰৈ মোলে বাট চাই থকা ।
ধুতি খনৰ আচলত দাঁতেৰে কামুৰি দুৱাৰ মূখলৈ লৈ অহা
সময়ত মই আহি নাপালে
এওঁক আমনি কৰা ইত্যাদি ।।
এয়াই আমাৰ তিনিওৰে
দৈনন্দিন জীৱন
এটাক এৰি কোনোটো
চলিব নোৱাৰা, ভাষাৰে
বুজাব নোৱাৰা
অপূৰ্ব জীৱন ।
কি পূণ্যৰ বলতহে তাইক
আমাৰ মাজত পাইছিলোঁ ।
সেইদিনা মোৰ অৱসৰ
গ্ৰহণৰ দিন ।
সেয়ে স্কুলৰ ল'ৰা-ছোৱালীৰ
আগ্ৰহ অনুসৰি ,
স্কুললৈ ওলালোঁ
বিশেষ ভাবে সাজি-কাচি ।।
মোক বিশেষ ভাবে সজোৱাত
মাক-জীয়েক দূয়ো ব্যস্ত,
সজাই পৰাই দিলে যেন
৬০ বছৰীয়া যুৱক মস্ত ।
স্কুলৰ সকলোৰে অভিবাদন
গ্ৰহণ কৰি ঘৰ মূৱা হৈ দেখোঁ
গেটতে ৰৈ মোলৈ চাই আছে আমাৰ মৰমৰ সৰু ছোৱালীজনী ।
সেই একেই চকুযুৰি
সেই একেই চাৱনি
যিদৰে ঘৰৰ পদূলি মূখত
সদায় ৰৈ চাই অাছিল ।
মাথোঁ ঠাইহে বেলেগ
শেষ বাৰৰ বাবে
বিদ্যালয় গৃহ ত্যাগ কৰি
গেট পাওঁতেই ঘটিল
অভাৱনীয় ঘটনা টি,
এখন গাড়ীৰ চকাই
তাইৰ পিছ ফাল চেপি থৈ
আঁতৰি গুছি গ'ল ।
মই মাথোঁ চাই ৰলোঁ
কিং কৰ্তব্য বিমূঢ় হৈ পৰিলোঁ
মাথো তাইৰ ওচৰলৈ দৌৰিলো----------------------
আথেবেথে তাইক তুলি ললোঁ
ব্ৰণীয়ে অতি কষ্টেৰে তাইৰ জিভা খনেৰে মোৰ হাত খন
চেলেকি দিলে---------------
তাৰ পিছত সকলো শেষ !
আছে
মাথোঁ তাইৰ চকু যুৰি
সেই একেই চাৱনি-----------
এনেতে এওঁ পিছ ফালৰ পৰা আহি কুকুৰৰ পুতুলাটোৰ
গা মূৰ ঢাকি দি ক'লে---------
ব্ৰণী এতিয়া শুব ।
তাইক লৈ যাওঁ ।
সন্ধিয়াৰ পৰাই তাইক কোচত লৈ কি যে ভাবি অাছে ।
আহক আপুনিও ভাত খাই
শুব লাগে ।
তিনিওৰে বিছনা
সাজু হৈ আছে !
ব্ৰণীৰ আজি
জন্ম দিন যে
তাইক মাজত লৈ শুব লাগিব
মই একো কব নোৱাৰিলোঁ
মাথো চকু যুৰি মোহাৰিলোঁ
খিৰিকিৰে দূৰলৈ
চাই পঠিয়ালোঁ
কিজানি সেই চকুযুৰিৰ
সন্ধান পাওঁ ।।

🥰
ReplyDelete