খিৰিকী ।। অসমীয়া কবিতা গোটৰ সদস্য/সদস্যা সকলৰ কবিতা সংকলন ।
খণ্ড ১ । Assamese
Poems Collection
আমি এখন মঞ্চৰ বাবে আগবাঢ়িব বিচাৰিছো। কাৰণ আমি প্ৰত্যেকে নিজৰ
সৃষ্টিৰাজীক জীয়াই ৰাখিব বিচাৰো। ইয়াৰ বাবে আমাক লাগে আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু
উপযুক্ত পৰামৰ্শ। আমি পোহৰ বিচাৰো, আৰু সেই পোহৰকণেই আমাৰ বাবে উৎসাহৰ মূল
কেন্দ্ৰবিন্দু। আৰু পোহৰৰ উৎসহ হৈছে আপোনালোক। “অসমীয়া কবিতা” নামৰ ফেচবুক পেজটো
আপোনালোকৰেই সৃষ্টি। গতিকে আশা কৰিছোঁ আপোনালোকৰ কোলাতেই ডাঙৰ হোৱা এই সৃষ্টিকণক সঠিক
বাট আপোনালোকে নিশ্চয় দেখুৱাই যাব...।
“ খিৰিকী ” হৈছে আমি প্ৰচাৰ কৰিবলগীয়া এক নিয়মীয়া কবিতাৰ ই-সংকলন।
য’ত থাকিব “অসমীয়া কবিতা গোট” নামৰ ফেচবুক গ্ৰুপত প্ৰকাশ পোৱা সদস্য/সদস্যা সকলৰ
ভাল লগা কবিতাসমূহ। গতিকে আপোনালোকেও
নিশ্চয় ভাল পাব পঢ়ি। তেন্তে আহক আমি প্ৰথম খণ্ডত তাৰেই দুটিমান কবিতা পঢ়ি লওঁ...
** নগ্ন স্বৰাজ পুৱা
-----------------------------------
** কালীন্দ্ৰ কুমাৰ দাস
পূৰ্বাহ্ন ভাৰতৰ
সুৰুয উঠা দেশত
প্ৰতিটো প্ৰভাতী
পুৱা
শেৱালি হাঁহিত
ৰঙে ৰূপে নচুৱাই
এচপৰা ক'লা
মেঘৰ ছাঁই
হেঁপাহ পলুৱাই।
কাপোৰৰ তলত
সকলোৱে খেলে
নগ্নতাৰ ল'ৰা
ধেমেলী
ভৱিষ্যৎৰ বংশ
বিচাৰি
আত্মাৰ মিলন
সহাৰি
এতিয়া কাপোৰ
পিন্ধিও যে
নাৰীৰ স'তে
নগ্নতাৰে চূড়ান্ত
অতপালি আৰু
বৰ্বৰতাৰ ৰ'দালি।
তেজেধোৱা আকাশত
নগ্ন স্বৰাজ
চিঞৰ
পাশবিক
বদান্যতাত
বগা পোহৰ মেলাই
ধোৱাৰ দৰেই
দশোদিশ বিয়পাই
দুচকুৱে
জিলমিলাই
সুবিধাবাদীৰ
সনাপিটিকা ।
লাহে লাহে
সন্দেহজনক পানীত
মানৱতাই ডুব যায়
বৰ্বৰতাৰ
আস্ফালনত
ৰাজ্যজয়ৰ ৰঙা
নিচান উৰাই।
আবাল-বৃদ্ধ-বনিতাৰ
হৃদয় কপোৱা
জ্বৰত
চৌদিশ কম্পিত হয়
মূত্যুৰ কিৰীলিত
লুণ্ঠিত হয়
মানৱতাই
এটি নগ্ন স্বৰাজ
পূৱাই।
…………………………………………………………………………………
নিৰ্যাতিত
মালিকীস্বত্ব
কাজি শ্বাহাদত
ইছলাম
°°°°°°°°°°°°°°°°°°°°°°
এক অন্তহীন
বুজাবুজিৰ গৰাহত
নিতৌ প্ৰবাহিত
হয়
শাসিত হোৱা
নিৰ্বল মালিকৰ চকুলো,,
মৌজত ব্যস্ত
বে-খবৰ লগুৱাৰ পাল__!!
প্ৰতিশ্ৰুতিৰ
শ্বপিংমলবোৰত
ভৰষা ক্ৰয়ৰ
প্ৰতীক্ষাতে আশা বোৰৰ শাৰী
দিনক দিনে দীঘল
হ'ব ধৰিছে
ঠিক দ্ৰৌপদীৰ
শাৰিৰ দৰেই__!!
কাৰণ
একনায়কত্ববাদ আজিও বিৰাজমান....
মাথোঁ তন্ত্ৰৰ
বৰণৰ হে পৰিৱৰ্তন হৈছে....!!
স্বাৰ্থান্বেষীৰ
জগতত কিছু চিয়াঁহী
ক্ৰোধান্বিত হয়
যদিও
কিছু চিয়াঁহী
বিক্ৰীও যায় অতি কম মূল্যত__!!
যাৰ বাবেই হয়তো
উন্নতিৰ জখলাডাল
বিকলাংগ....!!
বিধানৰ
পাণ্ডুলিপিখন বৰ ভাগৰিত আজি...!!
কাৰণ কাৰোবাৰ
স্বাৰ্থ পূৰণাৰ্থে
প্ৰতিদিনে তাক
নতুন নতুন গহনাৰে
সুসজ্জিত কৰা
হয়__!!
আঁৰি দিয়া ফলক
খুলি দিয়া যাওক....!!
ইচ্ছা নদীক
স্বতঃষ্ফুৰ্তেই ব'ব দিয়া হওক....!!
কাৰণ... অন্ধ,পংগু,মূক,বধিৰৰ আগত
চতুৰালি কৰাৰ কি
নো প্ৰয়োজন,,
ইহঁত এনেই
নিশ্চল ।।
উকা ৰাজপথত
বাধাহীন চেঁকুৰেৰে
বিন্দাচ সৰগ হস্তগত কৰা ।।
ভুল
°°°°°°
কাজি শ্বাহাদত ইছলাম
মই ভুলৰ
ৰজা....!!
মোৰ শিৰাই শিৰাই
ভুলৰ বিচৰণ--
শুদ্ধতাৰ
পৃথিৱীত মই হাঁহিয়াতৰ পাত্ৰ।।
প্ৰকাৰান্তাৰে
সকলোৱেই শুদ্ধ,,
কেৱে ধৰ্ষণ কৰি,কেৱে
নিছলাক লুটি...
কেৱে যদি আকাশৰ
সুৰংগেৰে
অন্য মহাদেশত
পলায়
সিও হেন চৰম
শুদ্ধ...!!
সিও হ'ব
পাৰে উৎকৃষ্ট আৰ্হি আমাৰ....
অভিনীত
মাতৃপ্ৰেমৰ
গ্লিছেৰিণযুক্ত
নকল চকুলো
মই যে নোৱাৰোঁ
নিগৰাব....!!
হয়তো তাৰ বাবেই
মই ভুলৰ মহাসাগৰত।।
মই অগণন ভুল
কৰোঁ মাজে মাজে....!!
যেতিয়া বৰ্ধিত
মূল্যৰ প্ৰতিবাদত
বাট ভেটোঁ
মহাজনৰ,,
তেতিয়াও মোৰ
ভুল হৈ যায়....!!
যেতিয়া,হাঁহিৰামহঁতৰ
অৰ্থহীন ভুৱা হাঁহিৰ আঁৰৰ
নিকৃষ্ট সত্যক
উদঙাই দিওঁ মুক্ত আকাশৰ তলত,,
তেতিয়াও মোৰ
ভুল হৈ যায়....!!
একমাত্ৰ পৱিত্ৰ
কোঠাটিত কিমান যে ধুনীয়াকৈ
প্ৰতিশ্ৰুতিবোৰক
বাকপটুতাৰে সজাই তোলে,,
ঠিক পূজাৰ বেদীত
সজোৱা
দেৱ-দেৱীৰ
মূৰ্তিৰ দৰেই....
কিন্তু
বিকাৰগ্ৰস্থ প্ৰতিশ্ৰুতিবোৰৰ শক্তি যে
শূন্যতাৰ কবলত
বন্দী....!!
================================
** সংগ্ৰামী সপোন
------------------------------------
** কালীন্দ্ৰ কুমাৰ দাস।
-------------------------
সংগ্ৰামী সপোনো
কেতিয়াবা
হব পাৰে ব্যৰ্থ
এবাৰলৈ দুবাৰলৈ
বহুবাৰলৈ
মকৰাৰ
মায়াজাললৈ।
নিৰাশাক প্ৰশ্ৰয়
নিদিবা
হতোদ্যমক
আগস্থান নিদিবা
বুকুত স্বপ্ন আঁকি
লৈ
সেই স্বপ্নক
পাবলৈ
বিয়াকুল হৈ
বিয়াকুল হৈ
যন্ত্ৰণা অনুভৱ
কৰিবা
তেহে পাবা সত্তা
সংগ্ৰামী সত্তা
সপোনৰ সত্তা ।
সংগ্ৰাম ইয়াকে
বোলে
যিয়ে এবাৰৰ
বাবেও
ভগ্নোদ্যম নহয়
হতাশ নহয়
অহৰহ লাগি থাকে
এটাই যাত্ৰাত
এটাই উদ্দেশ্যত
।
হ'ব
পাৰে ব্যৰ্থ
তোমাৰ মোৰ তেওঁৰ
ব্যক্তি বিশেষৰ
কাৰণ ব্যক্তিৰ
মূত্যু হয়
কিন্তু জীৱন যে
সদায় জয়ী হয়
সংগামী জীৱন
অক্লান্ত
অপৰাজেয়
চিৰকাল নিজৰ
বাটত
আগুৱাই বিস্মিত
হৈ ।
সংগ্ৰামী সপোনে
সদায়ে
সোনৰ সোলেং
বিচাৰে
ভাঙি পাতি ; চেষ্টা কৰি
পৰীক্ষা-নিৰীক্ষা
কৰে
এবাৰ উঠি এবাৰ
নামি
কেতিয়াবা সিদ্ধি
লাভ কৰে
কেতিয়াবা আশা
কৰে
কেতিয়াবা সপোন
দেখে
সংগ্ৰামী সপোন
সংগ্ৰামী সপোন।
----------------------------------------------
মোৰ
পদুলীৰ কৃষ্ণচূড়া জোপা
সবিতা মুদৈ
---------------------------------------------------------------
বহুকেইটা বসন্তৰ
সাক্ষী হৈ আছে
দুখ সূখ হাঁহি
কান্দোনৰে পাৰ হোৱা
কেবাটাও বসন্তৰ
সাক্ষী সেই
কৃষ্ণচুড়া জোপা
মোৰ পদুলী মুখৰ ,।।
আইৰ পাঁজিসেৰীয়া
আঙুলীৰে
বহুবাৰ জোৰা
তাপলি মৰা
দুখবোৰ আতৰাই
সুখবোৰ টানি অনা
সুখৰ স্মৃতিবোৰ
কঢ়িয়াই লৈ ফুৰা
পিতাইৰ ঘৰ্মাক্ত
দেহৰ সৌৰভ
পাহৰিব পৰা -নাই
কোনোদিন মই ।।
মোৰ নিসংগতাৰ
সঙ্গী তুমি
নিৰৱতাৰে কথা
পাতি হৃদয় জুৰাও
তোমাৰ ৰঙা ফুলৰ পাপৰিয়ে
সখী পাতে মোৰ
সতে ! কৈ যাই বহু কথা
শুনি মোৰ হৃদয়
জুৰাই
বিষাদৰ
বেঠাবোৰতো বুজি পাই মোৰ ।।।
একেলেথাৰীয়ে সৰি
পৰা পাহিবোৰে
ৰঙা ৰং
চটিয়াই আনন্দত মতলীয়া কৰে
মোৰ অকলশৰীয়া
জীবনৰ সংগী হয় । ।।
গাঢ় সেউজীয় পাত
বোৰে মোক
জীৱন জীয়াৰ
মন্ত্ৰ দি যাই
ন-কৈ ফুলি উঠা ফুল বোৰে
সাহস দিয়ে জীৱনত
যুঁজ দিয়াৰ।।
সুখ দুখ বেদনা
হাঁহি কান্দোন সকলোবোৰ
নিৰৱে সহ্য কৰি
বিনিময় নোলোৱাকৈয়ে
সহচৰ হোৱা মোৰ
জীৱন বাটৰ ,।।
ইচাট-বিচাট হৈ
থকা মোৰ মনটোক
শান্ত কৰি
তোলে তোমাৰ মৃদু বতাহে
সেয়ে জানা ! তূমি অবিহনে মই অকলশৰীয়া
মোৰ পদুলী মুখৰ
কৃষ্ণচুড়া জোপা ।।
--------------------------------------------------------
--------------------------------------------------------------
মোৰ হৃদয়ৰ গান
সবিতা মুদৈ
-------------------------------------------------------
--------------------------------------------------------
ধীৰ গতিৰে বৈ
পৰা তৰংগীনিক
চেষ্টা নকৰিবা
ভেটা দিবলৈ
কাল ৰূপেৰে
নিমিষতে বুৰাই পেলাব
তোমাৰ গৰ্ব অহংকাৰ সৰ্বস্বখিনি ।।
তোমাৰ দ্ৰয়িং
ৰুমৰ চ্কচ্কিয়া চোফাখন
তাত বহি থকা সেই
বিলাতী কুকুৰতোৰ
আব্দাৰবোৰ সযতনে
পালন কৰাৰ দৰে,।।
কোনোবা অনাথ
শিশুক অলপ মৰম কৰাচোন
দুখীয়া এখন কোমল
অন্তৰে
সম্ভাষন জনাব
তোমাক মিচিকিয়াই
হৃদয়ৰ প্ৰশান্তি
তাতেই পাবা ।।।
জানো তুমিতো
কল্পতৰু নহয়
সকলোৰে মনৰ আশা
পূৰাবলৈ
মইনো কেনেকৈ আশা
কৰো সকলো ।।।
মুক্তিকামি হৈ
থাকিব বিচাৰো মই
অংগৰক্ষকৰ
প্ৰয়োজন নাই মোৰ
আত্ম ৰক্ষা
কৰিবলৈ নিজক ।।।
ৰক্তশোষক
নহবাচোন নিষ্ঠুৰ দানৱ
সৰ্বহাৰাৰ ৰক্ত শুহি
খাবলৈ
ৰক্তৰঞ্জিত কৰি
অলপো শান্তি নাহে মনত।।।
পৈশাচিক
তৃপ্তিৰে যে আত্মসন্তুষ্টি নহয়
তুমিওটো উপলব্ধি
কৰা নিশ্চয়
তেন্তে কিহৰ
আশাত এই আত্মঅবদমন
আত্মগ্ৰাহিতা
দাহ কৰি
এজন সফল
মানৱ সৃষ্টি কৰা জগতত ।।।
---------------------------------------------------------
-----------------------------------------------------------
** অনুভৱ **
----------------------------
** কালীন্দ্ৰ কুমাৰ দাস।
--------------------
গছৰ শুকান পাতে
কথা পাতে তোমাৰ
মোৰ
ৰসহীন ভাবে
কুৰুকি কুৰুকি
জৰ জৰ শব্দৰ
ঐকতান ৰচি
অনুভৱীৰ অনুভৱত।
বহাগী ৰিহাৰ আঁচলত
উৰা
মধু মধু হাঁহিৰ
নীলা নীলা সুৰৰ
ছন্দৰ লালিত্য
একাকেন্দ্ৰীকতাৰ
বৰষুণ আৰু
মৰম নীলা দুচকুত
স্বপ্নৰ আঘাতত
জৰ্জৰিত হৈ
সপোন কণা বাগৰে
আশাৰ কোচত
প্ৰদুষণ সৰে
ভৱিষ্যতৰ ।
অহোৰাত্ৰ যুঁজৰ
শেষত
বাস্তৱ আগুৱাই
ভয়াৰ্ত্ত খোজত
দুলি দুলি বতাহত
কপা কপা মাতেৰে
ৰূপান্তৰত
দৈনন্দিন জীৱনত
।
মোৰ বাবেই মই
তোমাৰ বাবেই
তুমি আজি
জেহাদী হৈ পৰিছা
কাপোৰ পিন্ধিও
উলংগ হৈছো
নিজৰ ওচৰত লাজ
পাহৰিছো।
চিন্তাৰ
অ-গভীৰতাত
আন্তৰিক
শুভেচ্ছাবোৰ
ধোঁৱা হৈ উৰি
যায় আকাশলে'
আৰু অনুভৱী
শব্দৰ ছন্দত
কবিৰ অনুভৱী
কবিতাবোৰৰ
নিজৰা বাগৰে
শিলে শিলে
কুলু কুলু
সুৰেৰে।
------------------------------------------
পংগুষ্ঠ মানুহ
জাকিৰ শইকীয়া
একাংশ পংগুষ্ঠ
মানুহে
মানুহৰ মাজত
তাৰতম্য বিচাৰে
য'ত
প্ৰতিফলিত হয়
উচ্চ-নীচ,ধনী-দুখীয়া,ক'লা-বগা
আৰু অনন্য উপহাস,,,,
পংগুষ্ঠজনৰ
বিবেকত প্ৰতিবিম্ব অৱধাৰিত
মাথোঁ এটি
প্ৰকাণ্ড শূন্য,,,,
কোনোবাই
আকাশীযানত বিশ্ব ভ্ৰমণৰ তৃপ্তি লয়
কোনোবাই কান্ধত
জোলোঙা ওলোমাই মানুহৰ পদূলিয়ে পদূলিয়ে প্ৰখৰ ৰ'দৰ
সোৱাদ লয়,,,,
আজিৰ সমাজত এচাম
পংগুষ্ঠ মানুহৰেই জয়যাত্ৰা
পিন্ধনত বগা
চোলা পাৰফিউমৰ সুঘ্ৰাণ
এচি গাড়ীত জীৱনৰ
সমস্ত আনন্দ
দিনৰ পোহৰ আৰু
ৰাতিৰ এন্ধাৰত
কোনো নাৰীৰ দেহ
ভোকাতুৰৰ ৰূপত উপভোগৰ খাদ্য
অমান্তি হ'লেই
নিজৰ দেহত বিলাসিতাৰ নানা ৰঙী প্ৰলেপ
আৰু দমনাৰ্থে
একেই তেজৰ মানুহৰ মাজত অসংখ্য স্তৰৰ বেৰ,,,,
পংগুষ্ঠজনৰ
পিঠিত লক্ষ লক্ষ ধাৰৰ বোজা
বুকুৰ ফালে
কিন্তু উচ্চস্তৰীয় জীৱনৰ প্ৰলেপ সনা
কৌতিপতি বেশেৰে
সমাজত প্ৰৱাহমান
মগনীয়াজনৰ বাবে
দহ টকাও অন্তৰ্ধান,,,,
পংগুষ্ঠ সেইজনেই
যিজনৰ দেহত
প্ৰতিটো অংগ থাকিও নিষ্কৰ্মা হয়
পংগুষ্ঠ সেইজনেই
যিজনৰ চকুত নাৰী
উপভোগৰ সুস্বাদ খাদ্য হিচাপে ব্যৱহাৰূত হয়
পংগুষ্ঠ সেইজনেই
যিজনে অলপ পায়
আকাশলঙ্ঘী দম্ভ দেখুৱায়
পংগুষ্ঠ সেইজনেই
যিজনে নিজৰ অতীত পাহৰি বৰ্তমানৰ অলপ ৰিমঝিম পোহৰতেই পাগল হয়
.....................................................
*** নিবনুৱাৰ
নিৰ্মালি
-----------------------------------------
°°° কালীন্দ্ৰ
কুমাৰ দাস ।
চৌপাশৰ
সুগন্ধি সুবাস
আহা চুই চাওঁ
এবাৰ ;
প্ৰতিশ্ৰুতিৰ
প্লাৱনত সৰা
নিবনুৱা আৰু
দৰিদ্ৰতাৰ
অন্তৰ্দণ্ডখিনি
কোনোবা শীতৰ
হিমচেঁচা ৰাতি ।
বিশ লাখৰ বিশাল
জুইকুৰাত
এক লাখ শীতল
পানী
যদি হয়
তথাপিও ই এক
নিবনুৱাৰ
নিৰ্মালি ।
প্ৰতাৰিত সময়ৰ
সতে
দৌৰি দৌৰি
বাগদত্তা
প্ৰেমিকৰ বা
বাগদত্তা
প্ৰেমিকাৰ
ফুলশয্যাৰ সপোন
হইতো ই এক
আশাবাদী দাপোণ ।
মাৰ্কশ্বিট-চাৰ্টিফিকেটৰ
বোজালৈ
ক'ত
অফিচৰ দুৱাৰে দুৱাৰে
ক'ত
তাঁতবাতি
ক'ত
আশাৰ চকুপানী !!
সুলকি নপৰক
বুলিয়েই
পৰিবৰ্তনৰ
অংগ-প্ৰত্যংগ বোৰ
দুখ কিম্বা
বেথা-বেদনাত
আনন্দৰ নদীত
উঠুৱাই দিছো ।
তথাপিও
সুস্থ আৰু সবল
খোজত
আভামণ্ডল আঁকিছো
সদচিন্তাৰ
প্ৰবাহিত নৈত
সাতুৰি নাদুৰি
উমলি-জামলি
সুন্দৰ সুন্দৰ
কল্পনাৰে
জীৱনলৈ নতুন
নতুন পল্লৱ কলি
বুটলি আনিছো ।
মুখমণ্ডলত হাঁহিৰ
টুপি আঁকি লৈ
সুখৰ তৰংগ
প্ৰবাহিত হওঁক বুলিয়েই
প্ৰকৃত সত্যৰ
মুখ ঢাকিবলৈ
বিবস্ত্ৰ হৈছো
বিজুলীৰ চকামকা
পোহৰত অথবা
অট্টালিকাৰ
কিলবিল হাঁহিত ।
---------------------------------------------

No comments: