খিৰিকী ।। অসমীয়া কবিতা গোটৰ সদস্য/সদস্যা সকলৰ কবিতা সংকলন ।
খণ্ড২ । Assamese Poems Collection
আমি এখন মঞ্চৰ বাবে আগবাঢ়িব বিচাৰিছো। কাৰণ আমি প্ৰত্যেকে নিজৰ সৃষ্টিৰাজীক জীয়াই ৰাখিব বিচাৰো। ইয়াৰ বাবে আমাক লাগে আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু উপযুক্ত পৰামৰ্শ। আমি পোহৰ বিচাৰো, আৰু সেই পোহৰকণেই আমাৰ বাবে উৎসাহৰ মূল কেন্দ্ৰবিন্দু। আৰু পোহৰৰ উৎসহ হৈছে আপোনালোক। “অসমীয়া কবিতা”( Assamese Poem) নামৰ ফেচবুক পেজটো ( Facebook Page)আপোনালোকৰেই সৃষ্টি। গতিকে আশা কৰিছোঁ আপোনালোকৰ কোলাতেই ডাঙৰ হোৱা এই সৃষ্টিকণক সঠিক বাট আপোনালোকে নিশ্চয় দেখুৱাই যাব...।
খিৰিকী |
“ খিৰিকী ” হৈছে আমি প্ৰচাৰ কৰিবলগীয়া এক নিয়মীয়া কবিতাৰ ই-সংকলন। য’ত থাকিব “অসমীয়া কবিতা গোট” নামৰ ফেচবুক গ্ৰুপত প্ৰকাশ পোৱা সদস্য/সদস্যা সকলৰ ভাল লগা কবিতাসমূহ। গতিকে আপোনালোকেও নিশ্চয় ভাল পাব পঢ়ি। তেন্তে আহক আমি ২য় খণ্ডত তাৰেই দুটিমান কবিতা পঢ়ি লওঁ...
কবিতাৰ শিৰোনাম - 'তোমাৰ হাঁহি'
ৰুবী ডেকা
নীলা আকাশ খন বুকুত সাবটি
নদী খন একাবেঁকাকৈ বৈ আছে
যুগ যুগ ধৰি,,,,, ,, ।
নিমাজ ৰাতি নদীখনে
তোমাৰ হাঁহিৰ গীতত সুৰত
সুৰ মিলাই শুই পৰে।
তোমাৰ হাঁহিত মোৰ
হৃদয়ত স্পন্দনৰ আশাই সঞ্চাৰ কৰে,
নিৰবিৰ জোনাক ৰাতিৰ পোহৰত
নিয়ৰৰ দলিছাত বহি
নিংগতাত গীত ৰচনা কৰোঁ ।
জীৱন মানেই সংগ্ৰাম
সুখ দুখৰ মাজতো
হাঁহিৰে অলকানন্দা নমাই আনিব
বিছাৰোঁ ।
সংগীতৰ লহৰ তোলে
দেহত শিহৰণ জাগে
তোমাৰ হাঁহিৰ সুৰত।
খহি পৰিছে আচল মোৰ
তোমাৰ হাঁহিৰ কল্পনাত,
তুমি নিয়ৰৰ মই ঘাহঁনি,
বুকুৰ মাজত সাগৰৰ ঢৌ
সুৰত সুৰ মিলাই হাহিঁ আছা তুমি।
তোমাৰ হাঁহিত মন মতলীয়া কৰে
একাজলী হাঁহিৰে মন মোৰ বলিয়া,
প্ৰতিটো ভাৱনাক প্ৰতিটো পলক
বেলিৰ হেঙুলীয়া কিৰণে ৰহণ সানে
প্ৰতিটো দিনৰ লগত
হাঁহিৰ সুৰত সুৰ মিলাই
আগুৱাই যাব বিছাৰো।
তথাপিও,
নীলা আকাশ খন কেতিয়াবা
ডাৱৰে আৱৰি ধৰে,
বিষাদে আৱৰি ধৰা
মনটো সেমেকি উঠে হাঁহি কেতিয়াবা।
আশা কৰোঁ নেদেখাজনক
হাঁহিৰে বাটত খোজ কাঢ়িব বিছাৰোঁ।
................................................
মোৰ বুকুত আজি নামিছে জোনাক
নাছিৰ আহমেদ
মোৰ বুকুত আজি নামিছে জোনাক।
হৃদয়ত প্ৰৱাহিত হৈছে ;
সাতোটা ৰঙৰ ৰঙেৰে ৰাঙলী আভা!
আস! মই এবাৰ অৱগাহন কৰিব বিচাৰো
মাথোঁ এবাৰ মোৰ জীৱনটো জুবুৰিয়াই
দিয়া
তোমাৰ প্ৰেমময় শীতল ৰসৰ দীঘল
নদীৰ ছাঁত !
মই যে চিৰবন্দী তোমাৰ মধুৰ সুৰৰ
মায়াত।
মোৰ বুকুত আজি নামিছে জোনাক।
হৃদয়ত প্ৰৱাহিত হৈছে ;
সাতোটা ৰঙৰ ৰঙেৰে ৰাঙলী আভা!
তুমি আহাচোন নামি আহা স্বৰ্গৰ
জখলায়েদি
ময়ো উজাই যাওঁ তোমাক বিচাৰি সখী
!
হে নাৰী! মই কোনো কালে নাছিলোঁ
কামাসক্ত প্ৰেমিক ।
প্ৰত্যেকজনী নাৰীৰ মাজত মই বিচাৰি
পাওঁ মাথোঁ
মধুৰ সৃষ্টিৰ আদিমতম সম্ভাৱনা !
আহ্লাদিনী ৰূপী ৰাধা, শান্ত- সমাহিত মা
ফাতেমা!
তোমাৰ সোণৰ কাঠিৰ মধুৰ পৰশত
সেউজ বননিত নামে চিৰ- বসন্ত ;
চৰাইৰ কলকাকলি, ভোমোৰাৰ গুঞ্জন ;
ময়ূৰে পেখম ধৰি নৃত্য কৰে,
বন্যজীৱো ধীৰে-স্থীৰে ঘূৰি ঘূৰি
চায়,
নদীৰ নয়ন-যুৰিত বিমল আনন্দ উথলি
উঠে,
আকাশৰ তৰাও মিচিকিয়াই হাঁহে !
আঘোণৰ ধাননি-পথাৰত মৃদু বতাহ ঢৌ
খেলি যায়।
হে নাৰী! তুমি লক্ষ্মী পূজাৰ
পূৰ্ণিমাৰ জোন ;
মা মেৰীৰ আঁচলৰ ধন,
হাছান-হুছেনৰ প্ৰাণৰ প্ৰাণ!
সেয়ে , আজি মোৰ বুকুতো
নামিছে জোনাক ।
হৃদয়ত প্ৰৱাহিত হৈছে ;
সাতোটা ৰঙৰ ৰঙেৰে ৰাঙলী আভা!
হে অনন্ত প্ৰেমৰ নিলীম সাগৰৰ অতল
ধাৰা !
মোক তোমাৰ বুকুতেই লীন যাবলৈ
দিয়া,
তোমাৰ বুকুতেই লীন যাবলৈ দিয়া ;
মই হ'ব বিচাৰোঁ বিশ্ব
-বন্দিত অমৰ প্ৰেমিক !!
...................................
মুখাৰ আঁৰৰ মুখ
ড. আৰাধনা বৰুৱা
ডাৰউইনৰ সূত্ৰ আওৰাই
বান্দৰৰ পৰা মানুহ হোৱা
জীৱশ্ৰেষ্ঠ আমি
ৰূপান্তৰৰ এই দীৰ্ঘ পৰিক্ৰমাত
জ্ঞান, বুদ্ধি আৰু বহুতো
প্ৰাপ্তিৰ লগতে
আহৰণ কৰিলোঁ
কিছু কুটিলতা, শঠতা আৰু
কৃত্ৰিমতা !
মানুহ হোৱাৰ সুবাদতে
স্বতঃস্ফূৰ্ত আবেগক
ক্ৰূৰ মানসিকতাৰে নিয়ন্ত্ৰণ কৰি
মস্তিষ্কৰ কৰ্ষণসৰ্বস্ব হৈ মাত্ৰ
হৃদয়ৰ সঁচা অনুভূতিক আৱৰি
ধাৰণ কৰিলোঁ নিৰ্লিপ্ততাৰ মুখা,
অজানিতে লিপ্ত হলোঁ
স্বজন তোষণ আৰু স্বাৰ্থপৰতাত !
তথাকথিত আধুনিকতাৰ ধামখুমীয়াত
মদমত্ত হৈ
জীৱনৰ প্ৰকৃত সৌন্দৰ্য্যক হেলা
কৰি
মানৱতাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন
কৰি
তুমুল প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ
বিলাস, বৈভৱ আৰু
ঐশ্বৰ্য্যক ললোঁ সাৱটি !
ইতিহাসৰ পাণ্ডুলিপিত খতিয়ান লেখা
ৰয়
অমৰত্ব সুদূৰ পৰাহত
সময়ৰ ৰথত উঠি
জীৱনে সমাপন কৰে চক্ৰীয় গতি
ই যে শাশ্বত ৰীতি !
সময় থাকোঁতেই
আহা আমি পাৰ্য্যমানে মুখাবোৰ
সোলোকাই পেলাওঁ,
পৰিধান কৰোঁ
অকৃত্ৰিম হৃদয়ৰ বতৰা কঢ়িয়াই লৈ
ফুৰা
এক নিৰ্ভেজাল মুখ !
উপভোগ কৰোঁ অনিৰ্বচনীয় সুখ !!
গাই যাওঁ জীৱনৰ গৰিমা-গীত !!!
..............................................
শিৰোনাম=== মোৰ মৃত্যূৰ দিনা
শ্ৰী সবিতা মুদৈ
*********************************
জীৱনৰ বেহাখন সেই দিনাই সেই দিনাই
ডুবিব
আগচোতালৰ তুলসীৰ তলত
যেতিয়া চিৰনিদ্ৰাত শুই পৰিম মই
নিচিন্তে।।
কোমল এখন বগা কপোৰেৰে ঢাকি ৰাখিব
মোৰ নিথৰ দেহাটো
নানা ৰঙী ফুলেৰে শ্ৰদ্ধাঞ্জলি দিব
সকলোৱে
আত্মীয়ই চকুলো টুকিব মোৰ অতীতক
সুঁৱৰি।।
জীৱনৰ বিয়লী বেলাৰ হিচাপ নিকাচ
মোৰ ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাতেই
বিচাৰিব সকলোৱে ।।
বুকুৰ কুটুম জনে ন সাজ পিন্ধাই
দিব
কপালত আঁকি দিব ৰঙাকৈ সেন্দুৰৰ
ফোট
ল'ৰা-ছোৱালীয়ে হিয়াঢাকুৰি কান্দিব
মোৰ শৱদেহ আঁকোৱালি লৈ ।।
তিনি দিনৰ দিনা তিলনী পাতিব
গাঁৱৰ জ্ঞাতিয়ে বুজনি দিবহি দুখ
নকৰিবি অই
জীৱনৰ পাৰঘাট সিদিনাই পাৰ হ'ম
দুখ শোক বুকুতে লৈ ।।
দিন বাগৰিব স্মৃতিও শেষ হ'ব সকলো ।।
চাৰি হাত মাটিতে সাজিব চিতাখন
চাৰি শিকি দি কিনি লৈ । ।
মাহ হালধিৰে নোৱাব ধুৱাৱ চিতাৰ
কাষতে থৈ
পুত্ৰই দুখেৰে চকুপানী টুকি মুখতে
দিবহি জুই
দপ দপ কৰি জলি উঠিব চন্দন কাঠৰে
জুই।।
জুয়ো চেঁচা পৰিব আত্মীয়ই কান্দিব
মোৰ গুণ গৰিমাক কৈ ।।
অষ্ফুট স্বৰত গোৱা মন্ত্ৰোচ্চাৰনে
মোৰ অৱস্থিতি
একেবাৰে ম্লান পৰিব জগতৰ পৰা
মাথোঁ এটি স্মৃতি হৈ পৰিম মই । ।
......................................
"" আঘোনৰ পথাৰ স্মৃতি""
হেমন্ত দত্ত
-----------------------------------
আঘোন মানে এটি মাহ নহয় , কৃষকৰ হেপাঁ,ও সপোন যেন সোনোৱালী দলিছা। য'ত মূগ্ধ হয় প্ৰকৃতিৰ
জীৱ কুল।আঘোনৰ পথাৰখনে মন জোৰায় ,আশাৰ বতৰা কঢ়িয়াই,জিয়াই থকা প্ৰেৰণা
যোগায়।লুঙ লুঙিএৰাবাৰি
মাজেৰে গৰুগাড়িত উঠি,
পিতাই লগত ডাঙৰী আনিবলৈ যোৱা,জীপাল
আৱেলি, আজি যেন ক'ত
হেৰাল।,নৰানিত বহি
বৌতিয়ে
কাচিৰে কাটি দিয়া ৰবাবতেঙাৰ
জলকীয়া জালে
শৈশৱৰ বহু কথাই মনত পেলাই।,আঘোনৰ
পকা ধানৰ পাতে কটা, সন্ধিয়াৰ ভৰি
ধোৱাতেই
চিঞৰি চিঞৰি কন্দা,সেই
সোণালী দিন বোৰৰ যেন
নাহে দুনাই।বিৰিয়াত অনা
ডাঙৰিৰ চিৰিপ চিৰিপ শব্দ
আজি যেন নৱ প্ৰজম্ময়ে শুনা
নাই।,ডাৱনি তামুলৰ ৰং
সনা
ওঁঠৰ পৰা নিগৰি অহা বিয়া নাম, বিহুৰ গীতৰ
সুৰেৰে মূখৰিত
হৈ ঊঠা আঘোনৰ সেই আজি
পথাৰ পাবলৈ নাই।পথাৰৰ সেই আলি
কেকুৰি,পকা খুটা
কেইটা বাদে,আঘোন আঘোন
লগা মনৰ ভাৱহে যেন জিয়াই
আছে, প্ৰকৃতিৰ বুকুত।
নধানৰ নখোৱা উৎসৱ,এটা শব্দ বাদে নাই যেন তাৰ উৎসৱ মুখৰ
পৰিৱেশ সমাজৰ মাজত।গৰু হাল নাই
আজি, গোহালিত।ভড়াল,
গোহালিত ৰ স্থানত আজি
ৰাজপ্ৰসাদৰ ।ৰাজপ্ৰসাদৰ পোহৰে, গাঁৱক
নগৰলৈ পৰিৱৰ্তন,কৰা এক
প্ৰতিযোগিতাত নামিছে এই
আধুনিক যুগে। নাই যেন নাই
আজি সেই দিন নাই। আঘোনৰ,এটা শব্দ বাদে
নাই আজি আঘোনৰ গৰিমা।
................................
মৃত্যুৰ সিপাৰত বিচাৰিম
জাকিৰ শইকীয়া
মৃত্যুৰ সিপাৰত বিচাৰিম
তোমাৰ আচল ঠিকনা
মোৰ প্ৰেমৰ উৎস বুকুত লৈ
অবিৰত সংগ্ৰাম
তোমাক বিচৰাৰ
আকাশক সুধিম
ডাৱৰক সুধিম
জোনক সুধিম
তৰাক সুধিম
মোৰ সখীজনীৰ বতৰা
অৱশেষত পায় যাম
তোমাৰ জিৰনিৰ সজা
দীঘল হুমুনিয়াহ এৰি
তোমাক বিচাৰি ফুৰা
মোৰ ভাগৰৰ প্ৰতিদান বিচাৰিম
তুমি দিবা মই জানো
কিন্তু,,,,,,,!!!!!!
মোক ভাল লগা নহয়
প্ৰতিদান লাগিব
মোক ভাল পোৱা
বহুত ভালপোৱা
দুপৰৰ
মন বাগিচাত
তুমি মোৰ ছাঁ হৈ আছা
তোমাৰ সাহসতেই সাহসী মই
তোমাৰ খোজতেই প্ৰতিযোগী মই
সেয়ে
মৃত্যুৰ সিপাৰতো বিচাৰিম
তোমাৰ আচল ঠিকনা
তাতেই জুখিম
তোমাৰ মোৰ প্ৰেমৰ বিশালতা
.........................................
শুভ দীপান্বিতাৰ
শুভকামনাৰে----
-----------------------------------------------------
এন্ধাৰ নাশিবলে
পোহৰৰ উৎসৱেৰে
---------------------------------------
কালীন্দ্ৰ কুমাৰ দাস
এন্ধাৰ নাশিবলে
পোহৰৰ উৎসৱেৰে
প্ৰাপ্তিৰ আনন্দত
ভূত চতুৰ্দশী ওকলাই
কাতিৰ অমাৱস্যাৰ
ঘোৰ অন্ধকাৰাচ্ছন্ন নাশি
অযুত শিখাৰ পোহৰে উজ্বলাই
ধৰাখনি পোহৰাই
অশুভ শক্তিক চেলেঞ্জ দি
বিজয় শক্তিক
বিজয় উল্লাসি
দুষ্টক দমনেৰে
শান্তক পালনেৰে
ন্যায় প্ৰতিষ্ঠাৰ কামনাৰে
উৎযাপন কৰা পবিত্ৰ উৎসৱেই
পোহৰৰ উৎসৱ
শুভ দীপাৱলী ।
এন্ধাৰ নাশিবলে
পোহৰৰ উৎসৱেৰে
বিভিন্ন কাহিনীৰে
বিভিন্ন আখ্যানেৰে
দীপান্বিতা আহে ধৰালৈ
সমন্বয়ৰ ভাবনাৰে ।
আহক চোন !!!
আমিও পালন কৰোঁ
পৰিবেশ অনুকুল
ইক' ফ্ৰেণ্ডলি দীপাৱলী
শব্দৰে চমক সৃষ্টি নকৰি
ফটকাৰ অধিক ব্যৱহাৰ সামৰি
মৃতশিল্পীৰ মাটি চাকি জ্বলাই
প্ৰদূষণ নাশি
কাৰ্বন বিনাশি
প্ৰাকৃতিক ৰঙেৰে আল্পনা বোলাই
ইক'ফ্ৰেণ্ডলি মমবাতি জ্বলাই
অখণ্ডজ্যোতি বন্তি প্ৰজ্ব্যলাই
এন্ধাৰ নাশিবলে
পোহৰৰ উৎসৱেৰে
এক শুভ ক্ষণেৰে ।
-------------------------------------------
আদৰিছোঁ আই
হেমন্ত দত্ত
----------------------------------
আদৰিছোঁ আই মই পদূলি মুখত,ধূপ,দীপ,ধূণা লৈ,আহিছা আজি নামি
ধৰা বুকুলৈ তোমাৰ সন্তান
গৃহ চাবলৈ।। নাই আজি মোৰ
দিবলৈ তোমাক,শূণ্য আজি
গৃহৰ সকলো কোঠা।কেৱল ভক্তিৰে
কৰিছোঁ মই আৰতি
তোমাক, তোমাৰ পদ ধূলিৰে
পোহৰাব জীৱন আমাৰ।
জম্ম দিলা তুমি মোক পৃথিৱীৰ
বুকুত,পালন কৰি আছা
তোমাৰ শক্তিয়ে, তথাপিও
কিয় জানো ভাব হয় মোৰ,
পানীৰ পিয়াহত মৰা দৰে,
অগ্নি জাৰত কপিঁ ঠান্ডা
হৈ, মৃত্যুৰ ক্ষণ গণিছে
প্ৰতি মূহুৰ্ততে। তথাপিও
আছে মোৰ তোমাৰ প্ৰতি,
নেৰিবা তুমি মোক এঘৰিয়া
কৰি। আজি তোমাৰ পূজাত
কৰজোৰে কৰিছোঁ মিনতি,
দিবলৈ নাই আজি মোৰ শূণ্য হ'ল শূণ্য কুটিৰ।
তথাপিও
আশাবাদী মই, দিবা মোক
দৰিশণ নিজৰ ভৃত বুলি
ভাবি।অশ্ৰুশিকত নয়নেৰে
মই সুধিছোঁ তোমাক, কি দুখত
দন্ডিত কৰিছা এই অভাজনক। লবও
নাজানো
মই তোমাৰ নাম, পূৱাৰ গধূলি,
নিঃকিন দুখীয়া বুলি নিদিবা
আতঁৰাই, তোমাৰ বুকুৰ পৰা
ফালি। নাই আজি কিনিবলৈ
শক্তি মোৰ অগৰু চন্দনৰ ধুপ,
যিহেৰে পূজীছোঁ আই তাকেই
মোৰ বুলি লবা সাবতি। আজি
এই সন্ধিয়াৰ পৰত উপবাসে
কৰিছোঁ পূজা, নিজৰ বুলি ভাবি
তুমি আই, বুকুত লবা
নিজৰ সন্তানক,ক্ষমিবা সহশ্ৰ
কোটিৰ দুখৰ মাৰ্জনা আশ্ৰয়
দিবা তোমাৰ শিতলি কোলাত।।
...........................
"আহবান"
গায়ত্ৰী দেৱী
যিদিনা তুমি মোৰ
মনৰ দুৱাৰত
খট খট শব্দ কৰি
টুকুৰিয়াইছিলা।
সেইদিনাৰ পৰাই
তোমাৰ বাবে
চিৰদিনৰ কাৰণে
মোৰ মনৰ দুৱাৰৰ
টলা খোল খাইছিল।
তোমাক আদৰিবলৈ
হেপাহেৰে যাঁচিছিলো
মোৰ অন্তৰৰ স্নেহভৰা আহবান।
তুমি আহিছিলা
দিছিলা হিয়া উপছাই
অলেখ মৰম ভালপোৱা।
কিন্ত্ত তুমি কি?
পলায়নবাদী!!!!!
তোমাৰ প্ৰেয়সীক
মৰম- ভালপোৱাৰে
সজালা এজনী পাগলী।
তুমি গুছি গ'লা
এক অজান দেশলৈ-----
আজিওঁ মনৰ দুৱাৰত
তোমাৰ খট খট ধ্বনিত
হৃদয় কম্পিত।
তোমাক বিছাৰি
সপোন সাগৰত ডুবি
ভাগৰি পৰো দোভাগৰাতি
**********************
অপেক্ষাৰ মৃত্য হ’লে
কালীন্দ্ৰ
কুমাৰ দাস।
------------------------
অপেক্ষাৰ
অন্ত বিচাৰি
বহু স্বপ্ন
বুকুত লৈ
হত্যেদ্যম
সামৰিছো
সোনৰ সোলেং
বিচাৰি
স্বপ্নিল আশা
লৈ
কিছু তৰাফুল
বুটলিছো
আকাশৰ
খিৰিকিৰে
বাৰে বাৰে
জুমি চাইছো
উন্মাদপ্ৰায়
নহৈ
মাত্ৰ
অপেক্ষাৰ
মৃত্যু
বিচাৰিছো।
এবাৰলৈ
উঠিছো
এবাৰলৈ
নামিছো
প্ৰত্যাশাৰ
শিলাময়
পাহাৰ বগাই
ৰৈ ৰৈ
নিজকে আমনি কৰিছো
স্বপ্নদ্ৰষ্টাত হাতবুলাই
প্ৰত্যাশীত
বেদনাত
চকুলো
বোৱাই
নিশাৰ
নিহালী টানিছো
বাংময়ী
সপোন ৰচিছো।
-----------------------------------------------
ধন্যবাদ
Casinos Near Borgata Hotel Casino & Spa - MapYRO
ReplyDeleteFind 아산 출장안마 Casinos Near Borgata Hotel Casino & Spa in 고양 출장안마 Atlantic City, NJ. Find 삼척 출장안마 reviews 군포 출장안마 and discounts for AAA/AARP members, 여주 출장안마 seniors,