ল'ৰালি
দেবর্ষি গৌতম
আকৌ এবাৰ উভতি যাবলৈ মন যায়,
অতীতৰ সেই মধুৰ স্মৃতি ভৰা
দিনবোৰলৈ।
যত আছিল কেৱল নিভাঁজ প্ৰেম আৰু
সৰলতা।
যত নিহিত হৈ আছিল প্ৰকৃত
বন্ধুত্বৰ এডাল এনাজৰী।
যত বিচাৰি পাওঁ নিষ্পাপ লৰালি
কাল।
আকৌ এবাৰ উভতি যাবলৈ মন যায়,
অতীতৰ সেই মধুৰ স্মৃতি ভৰা
দিনবোৰলৈ।
যত বিচাৰি পাইছিলোঁ মা দেউতাৰ
মাজত
মোৰ প্ৰতি থকা মৰম আৰু খঙৰ
মিশ্ৰিত প্ৰতিক্ৰিয়া।
যত বিচাৰি পাইছিলোঁ মোৰ ঠেঁহ
ভাঙিবলৈ,
মা দেউতাই কৰা সেই শিশুসুলভ
অভিনয়বোৰ।
আকৌ এবাৰ উভতি যাবলৈ মন যায়,
অতীতৰ সেই মধুৰ স্মৃতি ভৰা
দিনবোৰলৈ।
যত নাছিল কোনো কৃত্ৰিমতাৰ পয়োভৰ।
যত নাছিল কোনো দুখ আৰু কষ্টৰ চিন।
অনাবিল সুখ আৰু ফুৰ্তিৰে ভৰি আছিল
সেই সময়।
আকৌ এবাৰ উভতি যাবলৈ মন যায়,
অতীতৰ সেই মধুৰ স্মৃতি ভৰা
দিনবোৰলৈ।
যত অনুভৱ কৰিব লগীয়া হোৱা নাছিল,
পৰিয়াল কিম্বা সমাজৰ কোনো
দায়িত্ব।
যত চিন্তা কৰিব লগীয়া হোৱা নাছিল,
নিজক অথবা পৰিয়ালক পোহপাল দিবৰ
বাবে
নিজে স্বাৱলম্বী হোৱাৰ কথা।
...................................................
Duniya lagise
ReplyDelete